NORTHEAST NOW (Assamese)

লবী ! নিয়ম ভংগ কৰি নিজৰ ব্যক্তিগত কৰ্মীক নিযুক্তি দিলে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰৰ

March 9, 2023 11:23 am · এন ই নাও নিউজ, গুৱাহাটী

নিয়ম ভংগ কৰি নিজৰ ব্যক্তিগত কৰ্মীক ৰাজ্যসভাৰ সদন সমিতিলৈ মনোনীত কৰাৰ অভিযোগ উত্থাপন হৈছে উচ্চ সদনৰ পদমৰ্মে অধ্যক্ষ তথা উপৰাষ্ট্ৰপতি জগদীপ ধনখৰৰ বিৰুদ্ধে।

অভিযোগ অনুসৰি নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি কমেও ৮ জন ব্যক্তিক হাউছ কমিটীৰ সদস্যপদ দিছিল জগদীপ ধনখৰে।

লোকসভা আৰু ৰাজ্যসভাৰ নিজাকৈ সদন সমিতি আছে। যৌথ সমিতিও আছে। কেণ্টিনৰ খাদ্যৰ ওপৰত ৰাজসাহায্যৰ পৰিমাণৰ পৰা আৰম্ভ কৰি কনফাৰেন্স ৰুমৰ পৰ্দাৰ ৰঙলৈকে বহু বিষয়ত আলোচনা আৰু সিদ্ধান্ত ল’বলৈ তেওঁলোকক ক্ষমতা প্ৰদান কৰা হৈছে। প্ৰতিৰক্ষাৰ পৰা আৰম্ভ কৰি বিত্ত বিভাগলৈকে চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়ৰ কামকাজৰ পৰ্যালোচনাৰ বাবেও আনুষংগিক সমিতি গঠন কৰা আছে।

সাংসদৰে গঠিত এই সমিতিসমূহত কনিষ্ঠ বিষয়াসকলক সহায়ক সদস্য হিচাপে ৰখা হয়। তেওঁলোকৰ মূল দায়িত্ব হ’ল সমিতিৰ কাৰ্য্যবিৱৰণী লিপিবদ্ধ কৰা আৰু সমন্বয় বজাই ৰখা। সমিতিৰ আলোচনাৰ গোপনীয়তা ৰক্ষা কৰাও তেওঁলোকৰ কৰ্তব্য। যদিও তেওঁলোকক সচিবালয়ৰ জৰিয়তে নিযুক্তি দিয়া হয়, তথাপিও লোকসভাৰ অধ্যক্ষ আৰু ৰাজ্যসভাৰ অধ্যক্ষৰো এই ক্ষেত্ৰত ভুমিকা থাকে।

সূত্ৰ অনুসৰি ধনখৰে সদনৰ ২০ জন সদস্যৰ ভিতৰত ৮ সদস্যকে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিছে। এনডিটিভিত প্ৰকাশিত এক বাতৰি অনুসৰি বিৰোধী কংগ্ৰেছ দলে এই অভিযোগ উত্থাপন কৰিছে যে ই সংসদীয় নীতিনিয়ম আৰু পৰম্পৰাৰ বিৰোধী কৰ্ম হিচাপে বিবেচিত হৈছে।

Related News