NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত কেতিয়াৰ পৰা বন্ধ হ’ব আন্তঃজিলা যাতায়াত? জনালে মুখ্যমন্ত্ৰীয়ে

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 17, 2021 6:24 pm
kk33

ৰাজ্যত ক্ৰমান্বয়ে কোভিড পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ দিশে আগবাঢ়িছে। সেয়েহে ৰাজ্য চৰকাৰ তথা জিলা প্ৰশাসনে কেতবোৰ ব্যৱস্থাপনা হাতত লোৱা পৰিলক্ষিত হৈছে।

ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ নিৰ্দেশ মৰ্মে দেওবাৰৰে পৰা চহৰ অঞ্চল আৰু তাৰ পৰা ৫ কিঃমিঃ নিলগলৈকে পুৱা ১১ বজালৈকেহে দোকান-পোহাৰ খোলা ৰখাৰ অনুমতি প্ৰদান কৰাৰ লগতে দুপৰীয়া ১২ বজাৰ পৰা পুৱা ৫ বজালৈকে কাৰ্ফিউ দিয়া হৈছে।

তাৰপিচতে শুকুৰবাৰৰ পৰা অৰ্থ্যাৎ ২১ মে’ৰ পৰা বন্ধ হ’ব আন্তঃজিলা যাতায়াতআজি গুৱাহাটীত সাংবাদিকৰ আগত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অচিৰেই এই নিৰ্দেশনা প্ৰকাশ পাব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

অৰ্থ্যাৎ ২০ মে’লৈকেহে আন্তঃজিলা যাতায়াত সম্ভৱ হ’ব তথা কোনো লোক যদি আন্তঃজিলা ভ্ৰমণ কৰিবলগীয়া আছে তেন্তে বৃহস্পতিবাৰলৈকে ভ্ৰমণ কৰিব পাৰিব। কোভিড সংক্ৰমণ যাতে ৰোধ কৰিব পৰা যায় তাৰ বাবেই এখন জিলাৰ সৈতে আনখন জিলাৰ যোগাযোগ বন্ধ কৰা হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, কালি সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই আজিৰে পৰাই বন্ধ হ’ব বুলি উল্লেখ কৰিছিল।

তেওঁ কালি কৈছিল ‘কোভিড সংক্ৰমণ ৰোধ কৰিবৰ বাবে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰি আছো। প্ৰয়োজন হ’লে অতি সোনকালে কিছু দিনৰ কাৰণে আন্তঃজিলা যাতায়াত বা যোগাযোগ বন্ধ হ’ব। কাইলৈৰ ভিতৰত এই নীতি-নিয়মসমূহ ঘোষণা কৰা হ’ব।‘

উল্লেখযোগ্য যে, কালিৰ দিনটোত ৰাজ্যত মুঠ ৩৬৫০ গৰাকী লোক কোভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে ৫৬ গৰাকী লোকে কোভিডত মৃত্যুক আকোৱালি লৈছিল। কামৰূপ মেট্ৰ’ত ১১৯৭ গৰাকী লোক কোভিডত আক্ৰান্ত হৈছিল কালিৰ দিনটোত।

সেয়েহে সকলো জনসাধাৰণ সজাগ আৰু সচেতন হৈ মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দুৰত্ব মানি চলক, এয়া সময়ৰ আহ্বান।