NORTHEAST NOW (Assamese)
অসম

EPF-ৰ ক্ষেত্ৰত ডাঙৰ সিদ্ধান্তেৰে নতুন বছৰটোত মোদী চৰকাৰে দিব পাৰে আন এটা মাধমাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 6, 2020 5:14 pm
epfo-702x336

নতুন বছৰটোৰ প্ৰথম দিনটোতে ৰে’লৰ ভাড়া, ৰন্ধন গেছৰ দাম বৃদ্ধি কৰাৰ পিছতে মোদী চৰকাৰে আন এটা মাধমাৰ দিবলৈ ওলাইছে দেশবাসীক।

দেশৰ প্ৰায় ৮ কোটি কৰ্মচাৰীৰ স্বাৰ্থ জড়িত হৈ থকা কৰ্মচাৰী ভৱিষ্য নিধি সংগঠনৰ ক্ষেত্ৰত এটা নেতিবাচক সিদ্ধান্ত গ্ৰহণৰ দিশত আগ বাঢ়িছে মোদী চৰকাৰ।

কেন্দ্ৰীয় চৰকাৰৰ বিষয়াৰ সূত্ৰৰ আঁত ধৰি লাইভ মিণ্ট নামৰ বাতৰি প্ৰতিষ্ঠানটোৱে জনাইছে যে কৰ্মচাৰী ভৱিষ্যৎ নিধি সংগঠন বা ই পি এফ অ’–ই ভৱিষ্য নিধিৰ সুতৰ হাৰ হ্ৰাস কৰাৰ সম্ভাৱনা আছে। নতুন বিত্তীয় বৰ্ষটোৰ পৰা এই হ্ৰাসপ্ৰাপ্ত হাৰ কাৰ্য্যকৰী হ’ব।

ই পি এফত দেশৰ কোটি কোটি কৰ্মচাৰীয়ে নিজৰ দৰমহাৰ পৰা পোনপটীয়াকৈ মাহেকীয়া হিচাপত একোটা পৰিমাণ নিয়মীয়াকৈ সঞ্চয় কৰে। বৰ্তমান কৰ্মচাৰীসকলে নিজৰ এই জমা ধনত ৮.৬৫শতাংশকৈ সুত লাভ কৰে।

সূত্ৰটোৰ দাবী, ই পি এফ অ’ৰ বেছিছ পইণ্ট ১৫ৰ পৰা ২৫ হ্ৰাস কৰাৰ সম্ভাৱনা আছে। এই বেছিছ পইণ্ট হ’ল শতকৰা পইণ্টৰ এশভাগৰ এভাগ ( one-hundredth of a percentage point)।

সূত্ৰটোৰ দাবী, এলানি আলোচনাৰ শেষত অৱসৰী পুঁজি প্ৰবন্ধকে জানুৱাৰিৰ পিছতে এই হ্ৰাসকৰণৰ বিষয়ে ঘোষণা কৰাৰ সম্ভাৱনা আছে।

এজন বিষয়াৰ উদ্ধৃতিটোৰে বাতৰি প্ৰতিষ্ঠানটোত কোৱা হৈছে যে যোৱা বছৰটোত দীৰ্ঘকালীন স্থিৰ জমা (ফিক্সড ডিপজিট) আৰু কিছুমান বণ্ডতো ৫০-ৰ পৰা ৯০ বেছিছ পইণ্ট হ্ৰাস পাইছে।