NORTHEAST NOW (Assamese)
অভিমত

“অসম আন্দোলন”ৰ দৰেই কুহুমীয়া সমাপ্তিৰ দিশত অৰ্ধ শতিকাজোৰা নাগা আন্দোলন!

Posted by: দুৰ্লভ গগৈ October 28, 2019 5:40 pm
Naga Peace talk

আজি নতুন দিল্লীত নাগা প্ৰতিনিধি আৰু ভাৰত চৰকাৰৰ প্ৰতিনিধি আৰ এন ৰবিৰ মাজত বৈঠক অনুষ্ঠিত হোৱাৰ কথা, য’ত নাগাসকলৰ সুকীয়া পতাকা আৰু সুকীয়া সংবিধানৰ দাবীটো গুৰুত্বসহ আলোচনা হোৱাৰ সম্ভাৱনা আছে।

অহা ৩১ অক্টোবৰৰ ভিতৰত নাগা শান্তিচুক্তিখনৰ চূড়ান্ত ৰূপায়ণৰ লক্ষ্যেৰে ৰবিয়ে কাইলৈ নাগা ৰাজনৈতিক দলবোৰৰ প্ৰতিনিধি (নাগা নেশ্যনেল পলিটিকেল গ্ৰুপ)বৰ্গৰ সৈতেও আলোচনাত বহিব। তাৰ পিছতে দুয়োটা নাগা পক্ষৰ সৈতে একেলগে বৈঠক কৰিব।

যোৱা ২২ বছৰ ধৰি নাগা বিদ্ৰোহী আৰু ভাৰত চৰকাৰৰ মাজত শান্তিচুক্তিত উপনীত হোৱাৰ চেষ্টাৰে আলোচনা চলি আহিছে। আলোচনাৰ অন্তিম পৰ্য্যায়ত নাগাসকলৰ বাবে সুকীয়া পতাকা আৰু সংবিধানৰ দাবীটো চুক্তি ৰূপায়ণৰ অন্তিম বাধা হিচাপে দেখা দিছে।

আৰ এন ৰবিয়ে ভাৰতীয় সংবিধানৰ গণ্ডীৰ ভিতৰতে কেন্দ্ৰীয় চৰকাৰে সমাধান বিচাৰিব বুলি বাৰে বাৰে দোহাৰি থকালৈ চাই সুকীয়া পতাকা আৰু সংবিধানৰ বিষয়টো নাগা পক্ষৰ বাবে অগ্নিপৰীক্ষা স্বৰূপ হৈ পৰিব পাৰে।

আনহাতে নাগা নেশ্যনেল পলিটিকেল গ্ৰুপৰ ৱৰ্কিং কমিটীয়ে ৰাজ্যখনৰ নিৰ্বাচিত জনপ্ৰতিনিধিসকলক তেওঁলোকৰ স্থিতি স্পষ্ট নকৰা বাবে সমালোচনা কৰি কয়, “নাগালেণ্ডৰ নিৰ্বাচিত জনপ্ৰতিনিধিসকলৰ স্থিতি কুহুমীয়া ধৰণৰ হৈ থাকিব নোৱাৰে।”

ৱৰ্কিং কমিটীয়ে সমগ্ৰ নাগা জনসাধাৰণে চুক্তিৰ অনতিবিলম্ব ৰূপায়ণ দাবী কৰিছে বুলি মন্তব্য কৰি কয়, “যদি কিবা সমাধানত উপনীত হ’ব নোৱৰা বিষয় থাকি যায়, চুক্তিখন কাৰ্য্যকৰী হোৱাৰ পিছতো ৰাজনৈতিক আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজেৰে তাত উপনীত হ’ব পৰা যাব।”

ৱৰ্কিং কমিটীয়ে নিজৰ মন্তব্যৰ দ্বাৰা সুকীয়া পতাকা আৰু সংবিধানৰ বিষয়টোত এটা আপোচকামী স্থিতি লৈ আহিছে। শেহতীয়া মন্তব্যও তাৰে এটা সংস্কৰণ।

সুকীয়া পতাকা আৰু সংবিধান অবিহনে চুক্তিত উপনীত হ’লে উত্তৰ-পূৰ্বাঞ্চলৰ পূৰ্বৰ এটা বৃহৎ জাতীয়তাবাদী আন্দোলন “অসম আন্দোলন”ৰ দৰেই নাগা আন্দোলনৰ কুহুমীয়া সমাপ্তি ঘটা দেখিবলৈ পোৱা যাব। এনেকুৱা অসাৰ্থক চুক্তিৰ আন এটা সম্ভাৱনা হ’ব পাৰে, নাগা বিদ্ৰোহৰ অগনি পুনৰ দপদপাই জ্বলি উঠাটো।