NORTHEAST NOW (Assamese)

কোভিডত আক্ৰান্ত জে এম চিৰ মহিলা কনিষ্ঠ চিকিৎসক

July 7, 2020 8:29 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

গুৱাহাটী মহানগৰীৰ দৰেই যোৰহাটতো এতিয়া ক’ৰ’ণা ভাইৰাছৰ গণ সংক্ৰমণ ঘটাৰ উপক্ৰম ঘটিছে।

যোৰহাটত মঙলবাৰে কোভিডত আক্ৰান্ত হয় ১৯ গৰাকী  লোক।

তেওঁলোকৰ মাজত যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ এগৰাকী মহিলা কনিষ্ঠ চিকিৎসকো আছে।

যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অস্থিৰোগ বিভাগত কৰ্মৰত মহিলা কনিষ্ঠ চিকিৎসক গৰাকীৰ ঘৰ কাৰ্বি আংলঙৰ ডিফুত বুলি জানিব পৰা গৈছে।

মঙলবাৰে কোভিডত আক্ৰান্ত হোৱা ১৯ গৰাকী  লোকৰ কোনো ভ্ৰমণ বৃত্তান্ত নথকালৈ লক্ষ্য কৰি যোৰহাটত যে ক’ৰ’ণাৰ গণ সংক্ৰমণ ঘটিছে তাকেই প্ৰমাণ কৰিছে।

সোমবাৰৰ পৰা মঙলবাৰলৈ যোৰহাটত ক’ৰ’ণাত সংক্ৰমিত লোৰ সংখ্যা হৈছে ৪০ গৰাকী।

সোমবাৰে এই সংখ্যা আছিল ২৫ গৰাকী।

যোৰহাটৰ উপায়ুক্ত ৰোশনি এ কাৰাটিয়ে প্ৰকাশ কৰা অনুসৰি কোভিডত আক্ৰান্ত মহিলা কনিষ্ঠ চিকিৎসক গৰাকী বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

আক্ৰান্ত আন ১৯ গৰাকী ৰোগীৰ ভিতৰৰে ১৭ গৰাকী মচলা ব্যৱসায়ী গৌতম ঘোষৰ সৈতে সম্পৰ্কীত।

মচলা ব্যৱসায়ী গৌতম ঘোষ এভাৰবেক বেকাৰীৰ গৰাকীৰ দ্বাৰা আক্ৰান্ত হৈছিল।

এভাৰবেক বেকাৰীৰ স্বত্বাধিকাৰ গৌতম ঘোষৰ বন্ধু।

Related News