NORTHEAST NOW (Assamese)

মঙলদৈত আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস পালন : জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা

October 1, 2018 6:58 pm · ময়ূখ গোস্বামী

আজি দৰং জিলাৰ মঙলদৈত আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস পালন কৰা হয়। ১ অক্টোবৰত দৰং জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগৰ সহযোগিতাত সদৌ অসম জ্যেষ্ঠ নাগৰিক ফ’ৰামৰ দৰং জিলা গোট আৰু মঙলদৈ জ্যেষ্ঠ নাগৰিক সন্থাই এই দিৱসটো পালন কৰে।

এই দিৱসৰ সৈতে সংগতি ৰাখি দৰং জিলা সাহিত্য সভাৰ সভাকক্ষত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। এই সভাত জ্যেষ্ঠ নাগৰিক ফ’ৰামৰ সদস্য তথা চৰকাৰী সাহিত্যিক পেঞ্চনাৰ মতিদেৱ শাস্ত্ৰী আৰু চৰকাৰী স্বীকৃতিপ্ৰাপ্ত জ্যেষ্ঠ কলাকাৰ নীলকান্ত চহৰীয়াক সম্বৰ্ধনা জনোৱা হয়।

সভাখনত সভাপতিত্ব কৰিছিল জিলা জ্যেষ্ঠ নাগৰিক ফ’ৰামৰ সভাপতি ফুলেন্দ্ৰ নাথ চহৰীয়াই। সভাখনত বহুকেইগৰাকী বিশিষ্ট বক্তাই ভাষণ প্ৰদান কৰিছিল। বক্তাসকলৰ মাজত আছে দৰং সাহিত্য সভাৰ সভাপতি ড০ ৰামচন্দ্ৰ ডেকা, অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকা আৰু মঙলদৈ জ্যেষ্ঠ নাগৰিক সন্থাৰ সম্পাদক হৰেশ্বৰ শৰ্মা আদিয়ে ভাষণ ৰাখে।

সভাৰ উদ্দেশ্য ব্যখ্যা কৰে আয়োজক জিলা জ্যেষ্ঠ নাগৰিক ফ’ৰামৰ সম্পাদক অতুল চন্দ্ৰ বৰুৱাই। সভাখন উদ্বোধন কৰে দৰঙৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে। উপায়ুক্ত বৰ্মনে আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱসৰ তাৎপৰ্য ব্যখ্যা কৰে আৰু জ্যেষ্ঠ নাগৰিকৰ প্ৰতি থকা সমাজৰ ভূমিকাৰ কথা দোহাৰে।

Related News