NORTHEAST NOW (Assamese)
Popular Stories

টকিঅ’ অলিম্পিকত বিদেশী দৰ্শকৰ প্রৱেশ নিষিদ্ধ : কিয় এই সিদ্ধান্ত ল’লে আয়োজক দেশ জাপানে ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 20, 2021 8:21 pm
Tokyo-Olympics-2021-to-go-ahead-with-or-without-Covid-19

জাপানৰ ৰাজধানীত অনুষ্ঠিতব্য ‘টকিঅ’ অলিম্পিক ২০২০’ত আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে আয়োজক কমিটিয়ে। বৰ্তমানেও বিশ্বৰ বিভিন্ন দেশত কোভিড সংক্ৰমণ ঘটি থকাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে।

শনিবাৰে আয়োজক কমিটিয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে আগন্তুক অলিম্পিক আৰু পেৰালিম্পিকত আন্তঃৰাষ্ট্ৰীয় দৰ্শকক প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব।

বিশ্বৰ বিভিন্ন দেশৰ ক্ৰীড়া অনুৰাগীয়ে ক্ৰয় কৰা অলিম্পিকৰ প্ৰৱেশ পত্ৰৰ মূল্য ঘূৰাই দিব আয়োজক কমিটিয়ে।

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটি, আন্তঃৰাষ্ট্ৰীয় পেৰালিম্পিক কমিটি, টকিঅ’ মেট্ৰ’পলিটান গভাৰ্ণমেণ্ট, টকিঅ’ অলম্পিক আয়োজক কমিটি আৰু জাপান চৰকাৰৰ মাজত অনুষ্ঠিত হোৱা বৈঠকত এই সিদ্ধান্ত লোৱা বুলি বিবৃতিটোত কোৱা হৈছে।

“বৰ্তমানো জাপানসহ বিশ্বৰ কেবাখনো দেশত কোভিড এতিয়াও প্ৰত্যাহ্বানজনক হৈ আছে আৰু কেবা প্ৰকাৰৰো ষ্ট্ৰেইনৰ উদ্ভৱ হোৱাৰ ফলত বিশ্বব্যাপি আন্তজাৰ্তিক ভ্ৰমণ সীমাৱদ্ধ হৈ আছে।” বিবৃতিটোত এইদৰে কোৱা হৈছে।

এনে এক মহামাৰীৰ পৰিস্থিতিত জাপানত বিদেশী লোকৰ প্ৰৱেশ সম্ভৱপৰ হৈ উঠা নাই বুলি উল্লেখ কৰি বিবৃতিটোত আৰু কোৱা হৈছে যে ইতিমধ্যে টিকট সংগ্ৰহ কৰা বিদেশী দৰ্শকসকলক অলিম্পিক আৰু পেৰালিম্পিক ক্ৰীড়াৰ বাবে জাপানত প্ৰৱেশ কৰাৰ অনুমতি প্ৰদান কৰা নহ’ব।

আয়োজক কমিটিৰ মতে এই সিদ্ধান্তই সকলো অংশগ্ৰহণকাৰী আৰু জাপানী জনসাধাৰণক সুৰক্ষিত কৰি ৰখাৰ লগতে সুৰক্ষিতভাৱে খেলসমূহ পৰিচালনা কৰিবলৈ অৰিহণা যোগাব।

উল্লেখ্য যে বিগত বৰ্ষত অনুষ্ঠিত হ’বলগীয়া বিশ্বৰ বৃহত্তম ক্ৰীড়া মহোৎসৱখন বিশ্বব্যাপি কোভিড সংক্ৰমণে আতংকৰ সৃষ্টি কৰাৰ বাবে স্থগিত ৰখা হৈছিল।

স্থগিত ৰখা টকিঅ’ অলিম্পিক ২০২০ ক্ৰীড়া মহোৎসৱখনি চলিত বৰ্ষৰ ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈ আৰু পেৰালিম্পিক ক্ৰীড়া ২৪ আগষ্টৰ পৰা ৫ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব।