NORTHEAST NOW (Assamese)

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

January 26, 2021 4:48 pm · এন ই নাও নিউজ

কৃষি আইন বাতিলৰ দাবীত কৃষক সংগঠনে উলিওৱা ট্ৰেক্টৰ ৰেলীয়ে দেশৰ ৰাজধানী দিল্লীত অস্বাভাৱিক পৰিস্থিতিৰ সৃষ্টি কৰাত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে দিল্লী-এন চি আৰ সীমান্তত সাময়িকভাৱে ইণ্টাৰনেট সেৱা কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰে।

‘ৰাজহুৱা সুৰক্ষা বৰ্তাই ৰখাৰ স্বাৰ্থত’ কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে বুলি জনাইছে।

নিৰ্দেশ অনুসৰি সিংঘু, গাজীপুৰ, টিকৰী, মুকাৰবা চ’ক আৰু নাংলৈ সীমান্তত আজি দুপৰীয়া ১২ বজাৰ পৰা নিশা ১১.৫৯ বজালৈ ইণ্টাৰনেট সেৱা বন্ধ থাকিব।

উল্লেখ্য যে গণৰাজ্য দিৱসৰ দিনটোতে কৃষক সকলে উলিওৱা ট্ৰেক্টৰ ৰেলীত ঠাইয়ে ঠাইয়ে প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল।

দিল্লী আৰক্ষীয়ে কৃষক সকলক গণতান্ত্ৰিকভাৱে ট্ৰেক্টৰ ৰেলী অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়াৰ পাছত আজি দিল্লীত কৃষক সকলৰ প্ৰতিবাদে চৰম অগণতান্ত্ৰিক ৰূপ লয়।

প্ৰতিবাদী কৃষক সকলে আৰক্ষীৰ বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৰাৰ লগতে ঐতিহাসিক লালকিল্লাত প্ৰৱেশ কৰে আৰু তাত তেওঁলোকৰ পতাকা উত্তোলন কৰে।

Related News