NORTHEAST NOW (Assamese)
অসম

অভিযন্তা জ্যোষিতা দাসৰ মৃত্যুৰ গোচৰৰ সৈতে জড়িত মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ঠিকাদাৰৰ বাসগৃহত তদন্তকাৰী দলৰ অভিযান

Posted by: নৰ্থ-ইষ্ট নাও Updated by: নৰ্থ-ইষ্ট নাও July 29, 2025 11:25 am
অভিযন্তা জ্যোষিতা দাসৰ মৃত্যুৰ গোচৰৰ সৈতে জড়িত মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ঠিকাদাৰৰ বাসগৃহত তদন্তকাৰী দলৰ অভিযান

সহকাৰী অভিযন্তা জ্যোষিতা দাসৰ আত্মহত্যাৰ গোচৰৰ সৈতে জড়িত বিতৰ্কিত ঠিকাদাৰ ৰুদ্ৰ পাঠকৰ বাসগৃহত অভিযান চলাইছে বিশেষ তদন্তকাৰী দলে ।

অভয়াপুৰীত অৱস্থিত তেওঁৰ বাসগৃহত অব্যাহত আছে এই অভিযান।

বঙাইগাঁৱৰ ৰাজহুৱা কাম-কাজ বিভাগৰ অভিযন্তা জ্যোতিষা দাসৰ আত্মহত্যাৰ পিছত বিভাগটোৰ এছ ডি অ, আন এজন সহকাৰী অভিযন্তা আৰু এজন স্থপতি অভিযন্তাক গ্ৰেপ্তাৰ কৰা হৈছে।

অভিযোগ উত্থাপন হৈছিল যে ঠিকাদাৰ ৰুদ্ৰ পাঠকৰ দুৰ্নীতি আৰু অভিযন্তাজনে সন্মুখীন হোৱা মানসিক চাপে জ্যোতিষা দাসক নিজৰ প্ৰাণ কাঢ়ি লবলৈ বাধ্য কৰাইছিল। এই কথা চুইচাইড নোটত লিখি থৈ গৈছিল জ্যোতিষা দাসে।

বিভিন্ন সংগঠনৰ ব্যাপক প্ৰতিবাদৰ অন্তত আজি এছ আই টিয়ে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বুলি জনাজাত ৰুদ্ৰ পাঠকৰ বাসগৃহত অভিযান চলায়।প্ৰায় ৬ ঘণ্টীয়া তালাচী অভিযানৰ অন্তত বংগাইগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক এন চিংছ’ই কয় যে তদন্ত এতিয়াও চলি আছে, আৰু এতিয়ালৈকে কোনো লোকক নতুনকৈ গ্ৰেপ্তাৰ কৰা হোৱা নাই।