NORTHEAST NOW (Assamese)
অসম

বছৰৰ পহিলা দিনটোতে বৃদ্ধি পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 1, 2021 1:49 pm
বছৰৰ পহিলা দিনটোতে বৃদ্ধি পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য

বছৰৰ প্ৰথম দিনটোতে সাধাৰণ জনতাৰ বাবে বেয়া খবৰ। ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যনে পহিলা জানুৱাৰিৰ পৰা কাৰ্যকৰী হোৱাকে প্ৰতিটো বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ১৭ টকাকৈ বৃদ্ধি কৰিছে।

দিল্লী আৰু মুম্বাইত, ৰাজসাহায্যবিহীন গেছ চিলিণ্ডাৰৰ মূল্য (১৪.২ কেজি) প্ৰতি চিলিণ্ডাৰত ৬৯৪ টকা হৈয়ে আছে।

কলকাতাত ইয়াৰ মূল্য ৭২০.৫০ টকা আৰু চেন্নাইত ৭১০ টকা বুলি ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যনৰ ৱেবছাইটত উল্লেখ আছে।

ইফালে প্ৰতিটো বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য দিল্লীত ১৩৪৯ টকা, মুম্বাইত ১৪১০ টকা, কলকাতাত ১২৯৭.৫০ টকা আৰু চেন্নাইত ১৪৬৩.৫০ টকা।

উল্লেখ্য যে যোৱা বছৰৰ ডিচেম্বৰ মাহত অইল কোম্পানিয়ে ৰন্ধন গেছৰ দুবাৰকৈ দাম বৃদ্ধি কৰিছিল।

ডিচেম্বৰ মাহতেই সৰ্বাধিক ১০০ টকা পৰ্যন্ত বৃদ্ধি পাইছিল ৰন্ধন গেছৰ মূল্য। মাহটোত ৫০-৫০ টকাকৈ দুবাৰ বৃদ্ধি পাইছিল প্ৰতিটো চিলিণ্ডাৰৰ মূল্য।