NORTHEAST NOW (Assamese)

চেন্নাই ছুপাৰ কিংছৰ বেগী বলাৰ দীপক চাহাৰ ক’ভিডমুক্ত

September 10, 2020 10:53 am · এন ই নাও নিউজ

চেন্নাই ছুপাৰ কিংছৰ বাবে ভাল খবৰ। বুধবাৰে দলটোৰ বেগী বলাৰ দীপক চাহাৰৰ ক’ৰ’না টেষ্টৰ ফলাফল দ্বিতীয়বাৰৰ বাবে নিগেটিভ আহিছে।

ক্ৰিকেটাৰ গৰাকী এতিয়া দলটো থকা হোটেললৈ উভতি আহিছে। চেন্নাই ছুপাৰ কিংছ দলটো ডুবাইৰ তাজ হোটেলত আছে।

উল্লেখ্য যে আই পি এলৰ বাবে দলটো ডুবাইত উপস্থিত হোৱাৰ পিছতে ২৮ বছৰীয়া দীপক চাহাৰ আৰু অন্য এগৰাকী ক্ৰিকেটাৰ ক’ৰ’নাত আক্ৰান্ত হৈছিল।

ইয়াৰ পিছতে চাহাৰ আৰু আনগৰাকী ক্ৰিকেটাৰ ১৪ দিনৰ বাবে অন্য এখন হোটেলত আইছ’লেশ্যনত আছিল।

চেন্নাই ছুপাৰ কিংছৰ চি ই অ’ কে এছ বিশ্বনাথনে কয়, ‍‘দুবাৰকৈ কৰা ক’ৰ’না টেষ্টত দীপকত চাহাৰ নিগেটিভ আহিছে আৰু তেওঁ দললৈ উভতি আহিছে’।

তেওঁ লগতে কয়, ‍‘বি চি চি আই্‌ প্ৰট’কল অনুসৰি এতিয়া তেওঁৰ কাৰ্ডিঅ’ চেষ্ট কৰা হ’ব য’ত তেওঁৰ ৰিকভাৰি সম্পৰ্কে জানিব পৰা যাব। ইয়াৰ পিছত আৰু এটা ক’ৰ’না টেষ্ট হ’ব আৰু সেইটোত যদি নিগেটিভ আহে তেন্তে অনুশীলন আৰম্ভ কৰিব পাৰিব’।

উল্লেখ্য যে ১৯ ছেপ্তেম্বৰৰ পৰা য়ু এ ইত আৰম্ভ হ’বলগীয়া আই পি এলৰ ১৩ সংখ্যক সংস্কৰণটি মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছৰ মেচেৰে শুভাৰম্ভ হ’ব।

Related News