NORTHEAST NOW (Assamese)
অসম

আজি প্ৰকাশ কৰা হ’ব আই পি এলৰ সম্পূৰ্ণ কাৰ্যসূচী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 4, 2020 11:21 am
আজি প্ৰকাশ কৰা হ’ব আই পি এলৰ সম্পূৰ্ণ কাৰ্যসূচী

২০২০চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ সম্পূৰ্ণ কাৰ্যসূচী আজি বিয়লি প্ৰকাশ কৰিব বুলি বি চি চি আইৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে আই পি এল অনুৰাগীসকলে এমাহ পূৰ্বেই জানিছিল যে ১৯ ছেপ্তেম্বৰৰ পৰা ১০ নৱেম্বৰলৈকে প্ৰতিযোগিতাখন চলিব। কিন্তু সকলোৱে সম্পূৰ্ণ কাৰ্যসূচীৰ অপেক্ষাত আছিল।

ক’ৰ’না মহামাৰীৰ বাবে এইবাৰৰ আই পি এল ভাৰতৰ বিপৰীতে য়ু এ ইত অনুষ্ঠিত হ’ব।

বিভিন্ন প্ৰত্যাহ্বানৰ মাজেৰে বি চি চি আইয়ে এইবাৰৰ আই পি এল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়। মহামাৰী ক’ৰ’না আৰু প্ৰতিযোগিতাখন বিদেশত হোৱা হেতুক কাৰ্যসূচী প্ৰকাশত কিছু পলম হৈছে।

বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি এইবাৰ আই পি এলৰ আৰম্ভণি চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মেচৰ জৰিয়তে হ’ব।

উল্লেখ্য যে, আই পি এলৰ মেচসমূহ য়ু এ ইৰ তিনিখন চহৰ ক্ৰমে ডুবাই, শ্বাৰজাহ আৰু আবু ধাবীত অনুষ্ঠিত হ’ব।