NORTHEAST NOW (Assamese)

আই পি এল ২০২০ : ডুবাইলৈ ৰাওনা হ’ল কিংছ ইলেভেন পঞ্জাৱ

August 20, 2020 12:22 pm · এন ই নাও নিউজ

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এল ২০২০ত অংশ ল’বলৈ কিংছ ইলেভেন পঞ্জাৱৰ দলটো য়ু এ ইলৈ ৰাওনা হৈছে।।

কিংছ ইলেভেন পঞ্জাৱ আৰু মহম্মদ ছামীয়ে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰি এই কথা জনায়।

উল্লেখ্য যে ভাৰতৰ বিপৰীতে য়ু এ ইত অহা ১৯ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব লগীয়া আই পি এলত অংশ ল’বলৈ এটা এটাকৈ দল সমূহে ডুবাইলৈ যাত্ৰা আৰম্ভ কৰিছে।

ভাৰতীয় দলৰ গুৰুত্বপূৰ্ণ ক্ৰিকেটাৰ কে এল ৰাহুলৰ নেতৃত্বত চলিত বছৰৰ আই পি এলত ভাগ ল’ব কিংছ ইলেভেন পঞ্জাৱ। দলটোৱে প্ৰথমখন মেচ দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলিব।

উল্লেখ্য যে পঞ্জাৱৰ দলটোৱে ২০২০ৰ নিলামত অষ্ট্ৰেলিয়াৰ অল ৰাউণ্ডাৰ গ্লেন মেক্সৱেলক ১০.৭৫ কোটি আৰু ৱেষ্ট ইণ্ডিজৰ বাঁওহতীয়া বেগী বলাৰ চেল্ডন ক’ট্ৰেলক ৮.৫ কোটি টকাত ক্ৰয় কৰিছিল।

কিংছ ইলেভেনে দক্ষিণ আফ্ৰিকাৰ ডেভিড মিলাৰ, এন্দ্ৰিউ টাই, চেম কুৰেনৰ দৰে খেলুৱৈক ৰিলিজ কৰি ৯ গৰাকী ক্ৰিকেটাৰক ক্ৰয় কৰিছিল।

Related News