NORTHEAST NOW (Assamese)
Popular Stories

আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ দপদপনি; পঞ্চমবাৰৰ বাবে খিতাপ দখল ৰোহিত বাহিনীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 11, 2020 7:55 am

প্ৰথমবাৰৰ বাবে আই পি এলৰ ফাইনেলত প্ৰৱেশ কৰা দিল্লী কেপিটেলছক পৰাস্ত কৰি পঞ্চমবাৰৰ বাবে চেম্পিয়নৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে মুম্বাই ইণ্ডিয়ানছ।

পঞ্চমবাৰৰ বাবে ট্ৰফি হস্তগত কৰি আই পি এলত যে মুম্বাই ইণ্ডিয়ানছ এক অনন্য আৰু শক্তিশালী দল তাকেই পুনৰ এবাৰ প্ৰমাণ কৰি দিলে।

ইয়াৰ পূৰ্বে মুম্বাইয়ে ২০১৩, ২০১৫, ২০১৭ আৰু ২০১৯ বৰ্ষৰ আই পি এলত চেম্পিয়ন হৈছিল।

উল্লেখ্য যে মঙলবাৰে অনুষ্ঠিত ফাইনেলত মুম্বাই ইণ্ডিয়ানছে দিল্লী কেপিটেলছক ৫ উইকেটত পৰাস্ত কৰে।

দিল্লীয়ে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৫৬ ৰান সংগ্ৰহ কৰে। দিল্লীৰ হৈ অধিনায়ক শ্ৰেয়াছ আয়াৰে সৰ্বাধিক ৬৫ আৰু ঋষভ পণ্টে ৫৬ ৰানৰ ইনিংছ খেলে।

১৫৭ ৰানৰ লক্ষ্য আগত লৈ বেটিং কৰিবলৈ অহা মুম্বাই ইণ্ডিয়ানছে আঠটা বল বাকী থকা অৱস্থাত ৫টা উইকেট হেৰুৱাই মেচখন নিজৰ নাম কৰি লয়।

মুম্বাইৰ হৈ অধিনায়ক ৰোহিত শর্মাই সৰ্বাধিক ৬৮ ৰানৰ ইনিংছ খেলে।