ভাৰতলৈ উভটি আহিল আইপিএল, বিচিচিআইৰ সিদ্ধান্তক আদৰণি আৰ পি সিঙৰ

দেওবাৰে বিচিচিআইয়ে আইপিএলৰ চতুৰ্দশ সংস্কৰণৰ সূচী ঘোষণা কৰে।
দুবছৰৰ পাছত ঘৰুৱা মাটিত ক্ৰিকেট টুৰ্ণামেণ্টটো অনুষ্ঠিত হ’ব।
৯ এপ্ৰিলৰ পৰা চেন্নাইত আৰম্ভ হ’ব লগা টুৰ্ণামেণ্টখনৰ প্ৰথম মেচখন অনুষ্ঠিত হ’ব যোৱাবাৰৰ বিজয়ী মুম্বাই ইণ্ডিয়ানছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ মাজত।
টীম ইণ্ডিয়াৰ প্ৰাক্তন ফাষ্ট বলাৰ আৰ.পি. সিঙে বিচিচিআইৰ এই সিদ্ধান্তটোক আদৰণি জনাইছে।
এটা টুইটযোগে প্ৰাক্তন ক্ৰিকেটাৰজনে কয় যে আইপিএল পুনৰ ভাৰতলৈ উভটি অহাত ভাল লাগিছে।
Good to see #IPL back in India. Final in #Ahmedabad will break crowd record? pic.twitter.com/ZcmwYqmcQs
— R P Singh रुद्र प्रताप सिंह (@rpsingh) March 7, 2021
তদুপৰি তেওঁ টুইটটোত নৰেন্দ্ৰ মোডী ষ্টেডিয়ামৰ ফটো সংলগ্ন কৰি প্ৰত্যাশা যে আইপিএলৰ ফাইনেলত অভিলেখসংখ্যক দৰ্শক দেখা পোৱা যাব।
টুৰ্ণামেণ্টখনৰ ফাইনেলখন অনুষ্ঠিত হ’ব আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত।
বিশ্বৰ ভিতৰতে বিশাল ক্ৰিকেট ষ্টেডিয়ামখনত ১৩২,০০০টা চিট আছে।
উল্লেখযোগ্য ২০০৯ চনত অনুষ্ঠিত টুৰ্ণামেণ্টখনৰ দ্বিতীয় সংস্কৰণত টীম ইণ্ডিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ডেক্কান চাৰ্জাৰ্ছৰ হৈ ১৬ খন মেচত ২৩টাকৈ উইকেট দখল কৰি পাৰ্পল কেপ লাভ কৰিছিল।