IPL Mega Auction: ঈশান কিষণে পালে সৰ্বাধিক ১৫.২৫ কোটিৰ দৰ; কোন খেলুৱৈৰ দৰ উঠিল কিমানলৈ

ভাৰতীয় ক্ৰিকেটাৰ ঈশান কিষণ আইপিএল মেগা নিলাম ২০২২ত এতিয়ালৈকে বিক্ৰী হোৱা খেলুৱৈৰ তালিকাত আটাইতকৈ অধিক দৰত বিক্ৰী হৈছে।
খেলুৱৈজনক ১৫.২৫ কোটিত মুম্বাই ইণ্ডিয়াঞ্চে ক্ৰয় কৰি নিজ দলত পুনৰ বাহাল ৰাখে।
আনহাতে দ্বিতীয় স্থানত থাকে দিল্লী কেপিটেলছে মুকলি কৰি দিয়া শ্ৰেয়স আয়াৰ। আয়াৰক কলকাতা নাইট ৰাইডাৰ্ছে ১২.২৫ কোটি টকাত ক্ৰয় কৰে।
উদীয়মান অলৰাউণ্ডাৰ তথা ২০২১ বৰ্ষৰ আইপিএলৰ পাৰ্পল কেপ বিজয়ী হৰ্ষল পেটেল আৰু শ্ৰীলঙ্কাৰ অলৰাউণ্ডাৰ ৱানিন্দু হছৰাঙ্গাক ৰয়েল চেলেঞ্জাৰ্চ বাঙ্গালোৰে ১০.৭৫ কোটি টকাত ক্ৰয় কৰে।
এতিয়ালৈকে নিলাম হোৱা খেলুৱৈৰ তালিকাত এই কেইজন খেলুৱৈ শীৰ্ষ তিনিটা স্থানত আছে।
আনহাতে আন কেইবাজনো তাৰকাৰ দৰে ২ ৰ পৰা ১০ কোটিৰ ঘৰ স্পৰ্শ কৰিছে। এই সন্দৰ্ভত বিতংকৈ পিছত প্ৰকাশ কৰা হ’ব।
উল্লেখ্য যে আশ্চৰ্যজনকভাৱে Mr. IPL খ্যাত সুৰেশ ৰাইনা প্ৰথম পৰ্যায়ৰ নিলামত বিক্ৰী নোহোৱাকৈ থাকে।