NORTHEAST NOW (Assamese)
অসম

ছেপ্তেম্বৰত য়ু এ ইত অনুষ্ঠিত হ’ব আই পি এল !

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 21, 2020 8:44 pm
ছেপ্তেম্বৰত য়ু এ ইত অনুষ্ঠিত হ’ব আই পি এল !

যদিহে ভাৰত চৰকাৰে অনুমতি দিয়ে তেন্তে বিশ্বৰ জনপ্ৰিয় ক্ৰিকেট প্ৰতিযোগিতা আই পি এল আগন্তুক ছেপ্তেম্বৰ মাহৰ পৰা য়ুনাইটেড আৰব এমেৰিটছত অনুষ্ঠিত হ’ব বুলি মঙলবাৰে উল্লেখ কৰিছে আই পি এলৰ সঞ্চালক ব্ৰিজেশ পেটেলে।

ক’ৰ’না মহামাৰীৰ সংক্ৰমণৰ বাবে চলিত বৰ্ষত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া আই চি চি টি-২০ বিশ্বকাপ প্ৰতিযোগিতা পিছুৱাই দিয়াৰ পাছত আই পি এল অনুষ্ঠিত কৰাৰ বাবে কিছু সময় লাভ কৰা হ’ব।

আই চি চি টি-২০ বিশ্বকাপ প্ৰতিযোগিতা পিছুৱাই দিয়াৰ পাছতে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে আই পি এল অনুষ্ঠিত কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰা দেখা গৈছে।

ছেপ্তেম্বৰ মাহত আই পি এল অনুষ্ঠিত হ’লে নৱেম্বৰৰ প্ৰথম ভাগলৈ বিশ্বৰ আগশাৰীৰ খেলুৱৈ সকলে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব।

‘‘প্ৰতিযোগিতাখন নিশ্চয় য়ু এ ইত অনুষ্ঠিত হ’ব কিন্তু প্ৰথমতে বোৰ্ডে ভাৰত চৰকাৰৰ পৰা অনুমতি গ্ৰহণ কৰিব লাগিব,’’ পেটেলে এইদৰে কয়।

বিভিন্ন সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি, চলিত বৰ্ষৰ আই পি এল ২৬ ছেপ্তেম্বৰৰ পৰা ৭ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব।

আনহাতে, পেটেলে এতিয়ালৈ আই পি এলৰ খেল সমূহ দৰ্শকৰ সন্মুখত নে বন্ধ ষ্টেডিয়ামত খেলা হ’ব সেই সম্পৰ্কে মন্তব্য প্ৰকাশ কৰা নায়।

আই পি এল অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অন্তিম নিৰ্ণয় ভাৰত চৰকাৰ আৰু য়ু এ ই চৰকাৰৰ অনুমতিৰ ওপৰতে নিৰ্ভৰ কৰিব বুলিও পেটেলে লগতে সদৰি কৰে।