NORTHEAST NOW (Assamese)
অসম

IPL Fight 2021: প্লে-অফত কোন দলে কাৰ বিৰুদ্ধে যুঁজত নামিব, চাওক সূচী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 9, 2021 8:13 am
IPL Playoff list

IPL Fight 2021: আইপিএল-২০২১ৰ লীগৰ যুঁজৰ সামৰণি পৰিল। লীগৰ অন্তিম দিনৰ শেষ দুখন মেচৰ পাছত প্লে-অফৰ তালিকাও সন্মুখলৈ আহিল।

দিল্লীয়ে ইতিমধ্যেই লীগ তালিকাৰ শীৰ্ষস্থান নিশ্চিত কৰিছে। তালিকাৰ দ্বিতীয় স্থানত আছে চেন্নাই ছুপাৰ কিংছ।

ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালোৰ তৃতীয় স্থানত থাকি লীগৰ খেল সামৰিছে। অৱশেষত প্লে-অফৰ চতুৰ্থ স্থানত নিজৰ নাম সোমাবলৈ সক্ষম হৈছে কলকাতা নাইট ৰাইডাৰ্ছে।

ইপিনে, মুম্বাইয়ে লীগৰ অন্তিখন মেচত বিজয় সাৱ্যস্ত কৰি কলকাতা নাইট ৰাইডাৰ্ছৰ দৰে ১৪ পইন্ট সংগ্ৰহ কৰে যদিও নেট ৰাণ-ৰেটত পিছুৱাই থকাৰ বাবে টুৰ্ণামেন্টৰ পৰা আঁতৰিবলগীয়া হ’ল।

আনহাতে, ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালোৰে লীগৰ অন্তিমখন মেচত দিল্লী কেপিটেলছক পৰাজিত কৰি চেন্নাইৰ দৰে ১৮ পইন্ট সংগ্ৰহেৰে লীগ পৰ্ব সামৰণি মাৰে। অৱশ্যে, নেট ৰাণ-ৰেটত পিছুৱাই থকাৰ বাবে আৰচিবিয়ে এলিমিনেটৰ খেলিব লাগিব।

প্ৰথম স্থানত থকা দিল্লী কেপিটেলছ আৰু দ্বিতীয় স্থানত থকা চেন্নাই ছুপাৰ কিংছে প্ৰথমখন কোৱালিফায়াৰ মেচত অৱতীৰ্ণ হ’ব।

চাওক, আইপিএল-২০২১ৰ প্লে-অফৰ সূচী:       

প্রথম কোৱালিফায়া:-
দিল্লী কেপিটেলছ বনাম চেন্নাই ছুপাৰ কিংছ
১০ অক্টোবৰ, দেওবাৰ, ডুবাই

এলিমিনেট:-
ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালোৰ বনাম কলকাতা নাইট ৰাইডাৰ্ছে

১১ অক্টোবৰ, সোমবাৰ, শ্বাৰজাহ

দ্বিতীয় কোৱালিফায়া:-
প্রথম কোৱালিফায়াৰৰ পৰাজিত দল বনাম এলিমিনেটৰৰ বিজয়ী দল
১৩ অক্টোবৰ, বুধবাৰ, শ্বাৰজাহ

ফাইনল:-
প্রথম কোৱালিফায়াৰৰ বিজয়ী বনাম দ্বিতীয় কোৱালিফায়াৰৰ বিজয়ী
১৫ অক্টোবৰ, শুকুৰবাৰ, শ্বাৰজাহ