NORTHEAST NOW (Assamese)

ইৰাণৰ হাতত কমেও ছমাহৰ বাবে তীব্ৰ যুদ্ধ চলাব পৰা ক্ষমতা আছে; সকীয়ালে আইআৰজিচি-য়ে

March 8, 2026 11:17 am · এন ই নাও নিউজ, গুৱাহাটী

ইৰাণে আৰু কমেও ছমাহৰ বাবে তীব্ৰ যুদ্ধ চলোৱাৰ ক্ষমতা আছে বুলি সকীয়াই দিছে আইআৰজিচি-য়ে।

দেশখনৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ মুখপাত্ৰ আলী মহম্মদ নাইনীয়ে কয় যে ইৰাণে ইয়াৰ বৰ্তমানৰ আকাৰ আৰু পৰিসৰৰ যুদ্ধ “অন্ততঃ” আৰু ছমাহৰ বাবে অব্যাহত ৰাখিবলৈ সক্ষম।

ইৰাণৰ অৰ্ধ চৰকাৰী ফাৰ্চ নিউজ এজেন্সীয়ে এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ কৰিছে।

প্ৰতিবেদন অনুসৰি নাইনীৰ এই বক্তব্য শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মূল্যায়নৰ সম্পূৰ্ণ বিপৰীত। ট্ৰাম্পে বাৰে বাৰে দাবী কৰি আহিছে যে ইৰাণৰ বিৰুদ্ধে আমেৰিকা আৰু ইজৰাইলৰ অভিযান অতি সফল হৈছে।

চলিত সপ্তাহত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, “আমি এই যুদ্ধত বৃহৎ ব্যৱধানত জয়ী হৈছো। আমি তেওঁলোকৰ সমগ্ৰ ‘চয়তানী সাম্ৰাজ্য’ক বিধ্বস্ত কৰিছো।”

ইৰাণৰ অন্যতম শক্তিশালী আৰু প্ৰভাৱশালী বাহিনী আই আৰ জি চি। সামৰিক আৰু চোৰাংচোৱাৰ কামৰ উপৰিও এই বাহিনীৰ ৰাজনীতি, শিক্ষা আৰু অৰ্থনীতিৰ ক্ষেত্ৰতো বিস্তৃত প্ৰভাৱ আছে।

Related News