NORTHEAST NOW (Assamese)
অসম

আকৌ এক ভয়াবহ যুদ্ধৰ আশংকা! ট্ৰাম্পৰ বোমা বৰ্ষণৰ ভাবুকিৰ পিছতে ক্ষেপণাস্ত্ৰ সাজু কৰিছে ইৰাণে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 31, 2025 11:44 am

প্ৰতিবেদনত দাবী কৰা হৈছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণে পাৰমাণৱিক চুক্তি মানি নল’লে ইৰাণত বোমা আক্ৰমণৰ ভাবুকি দিছে। ট্ৰাম্পৰ সতৰ্কবাণীৰ পিছতে ইৰাণে ওলোটা ক্ষেপণাস্ত্ৰ আক্ৰমণৰ প্ৰস্তুতি আৰম্ভ কৰিছে।  আণ্ডাৰগ্ৰাউণ্ড চেম্বাৰত থকা বিভিন্ন ধৰণৰ মিছাইল ‘ৰেডি টু লঞ্চ’ কৰিছে ইৰাণে। যাতে যিকোনো পৰিস্থিতিত প্ৰতিহত আক্ৰমণ সম্ভৱ হয়।

ইৰাণৰ বিভিন্ন প্ৰান্তত ক্ষেপণাস্ত্ৰ সাজু কৰি ৰখাৰ খবৰ চৰকাৰী নিয়ন্ত্ৰিত সংবাদ মাধ্যম তেহৰাণ টাইমছে প্ৰকাশ কৰিছে। ‘ইৰাণ অৱজাৰ্ভাৰ’ নামৰ এক্স হেণ্ডেলৰ পৰা এটা ভিডিঅ’ পোষ্ট কৰা হৈছে। ইয়াত ইৰাণৰ মিছাইল অস্ত্ৰভাণ্ডাৰ দেখুওৱা হৈছে।

তেহৰাণ টাইমছে এক্সে হেণ্ডেল পোষ্টত লিখিছে, ‘তেহৰাণ টাইমছে লাভ কৰা তথ্য অনুসৰি ইৰাণে ভূগৰ্ভস্থ সামৰিক চহৰত লঞ্চাৰত মিছাইল লোড কৰিছে। আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশসমূহে পাণ্ডোৰা বক্স খুলিবলৈ গৈ বিৰাট মূল্য ভৰিব লাগিব।’ তদুপৰি বিভিন্ন ভিডিঅ’ত বিভিন্ন ৰেঞ্জৰ ইৰাণৰ ক্ষেপণাস্ত্ৰ দেখুওৱা হৈছে। ইয়াৰ ভিতৰত খাইবাৰ শ্বেকান (৯০০ মাইল ৰেঞ্জ), হাজ কাছিম (৮৫০ মাইল ৰেঞ্জ), গাদৰ-এইচ (১২৪০ মাইল ৰেঞ্জ), চেজ্জিল (১৫৫০ মাইল ৰেঞ্জ) আৰু ইমাদ (১০৫০ মাইল ৰেঞ্জ) আছে।

ট্ৰাম্পে ইৰাণৰ ওপৰত পাৰমাণৱিক চুক্তিত উপনীত হ’বলৈ হেঁচা বৃদ্ধি কৰিবলৈ আৰম্ভ কৰিছে। মধ্যপ্ৰাচ্যৰ এই ইছলামিক গণৰাজ্যই সেই প্ৰস্তাৱত সন্মত নহয়। ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পাঝোকিয়ানে ইয়াৰ পূৰ্বেও উল্লেখ কৰিছিল যে ইৰাণে এই বিষয়ত আমেৰিকাৰ সৈতে কোনো ধৰণৰ আলোচনাত নবহে।

ইয়াৰ পিছত দেওবাৰে ট্ৰাম্পৰ কণ্ঠৰ পৰা কঠোৰ সকীয়নি শুনা যায়। দেওবাৰে এনবিচি নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ট্ৰাম্পে কয় যে যদি ইৰাণে এই চুক্তিত সন্মতি নিদিয়ে তেন্তে আমি ইয়াত বোমা বৰ্ষণ কৰিব লাগিব। যদি তেওঁলোকে চুক্তি নকৰে তেন্তে মই আকৌ শুল্ক আৰোপ কৰিব পাৰো। ঠিক যিদৰে চাৰি বছৰ আগত কৰিছিলো।’ এনে পৰিস্থিতিত পুনৰ মধ্যপ্ৰাচ্যৰ পৰিস্থিতি অশান্ত হোৱাৰ আশংকা দেখা দিছে।