NORTHEAST NOW (Assamese)

হেলিকপ্টাৰ দুৰ্ঘটনাত ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ মৃত্যু, প্ৰাণ গ’ল দেশৰ বৈদেশিক মন্ত্ৰীৰো

May 20, 2024 11:05 am · এন ই নাও নিউজ, গুৱাহাটী
ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছি। ফটোঃ সংগ্ৰহীত।

ইৰাণত হেলিকপ্টাৰ ভাঙি যোৱাৰ ফলত সংঘটিত দুৰ্ঘটনাত ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ মৃত্যু ঘটিছে। হেলিকপ্টাৰখনত ৰাইছিৰ সহযাত্ৰী তথা বৈদেশিক মন্ত্ৰী হোছেইন আমিৰ আব্দুল্লাহিয়ানৰো মৃত্যু ঘটে।

ইৰাণৰ চৰকাৰী সংবাদ সংস্থাৰ ফালৰ পৰা যদিও দুয়োজন ব্যক্তিৰ মৃত্যুৰ খবৰ আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই, সংবাদ সংস্থা ৰয়টাৰে সেই দেশৰ প্ৰশাসনিক বিষয়াৰ উদ্ধৃতি দি এই খবৰ প্ৰকাশ কৰিছে।

দেওবাৰেই জানিব পৰা গৈছিল যে ৰাইছিৰ হেলিকপ্টাৰখন পাহাৰত খুন্দা মাৰি দুৰ্ঘটনাগ্ৰস্ত হয়। সেই হেলিকপ্টাৰখনত আছিল ইৰাণৰ বৈদেশিক মন্ত্ৰীগৰাকীও।

ইৰাণ প্ৰশাসনৰ এজন জ্যেষ্ঠ বিষয়াই সংবাদ সংস্থাক জনোৱা মতে, হেলিকপ্টাৰখনে পাহাৰীয়া অঞ্চল পাৰ হৈ যোৱাৰ সময়ত নিয়ন্ত্ৰণ হেৰুৱাইছিল। প্ৰবল বৰষুণ আৰু ঘন কুঁৱলীৰ বাবে দুৰ্ঘটনাস্থলীত দৃশ্যমানতা অতি দুৰ্বল বুলি বিষয়াগৰাকীয়ে জনায়।

চৰকাৰী বিষয়াগৰাকীৰ উদ্ধৃতি দি ৰয়টাৰে কৈছিল যে ইৰাণৰ ৰাষ্ট্ৰপতি আৰু বৈদেশিক মন্ত্ৰীৰ অৱস্থা “বিপজ্জনক”। আন এজন চৰকাৰী বিষয়াই নাম প্ৰকাশ নকৰাৰ চৰ্তত কৈছিল, ‘আমি এতিয়াও হাৰ মনা নাই। কিন্তু হেলিকপ্টাৰখন ভাঙি পৰা অঞ্চলটোৱে আমাৰ উদ্বেগ প্ৰকাশ কৰিছে।’

ইয়াৰ পূৰ্বে ৰয়টাৰে প্ৰকাশ কৰা অনুসৰি ৰাষ্ট্ৰপতি ৰাইছি থকা হেলিকপ্টাৰখন উদ্ধাৰ কৰা হৈছে। সংবাদ সংস্থাটোৱে দুৰ্ঘটনাস্থলীৰ ছবিও প্ৰদান কৰে। দেখা যায় যে হেলিকপ্টাৰখনৰ ভঙা অংশটো কুঁৱলীময় পাহাৰৰ ওপৰত পৰি আছে। একাধিক গাড়ী চলি আছে। দুৰ্ঘটনাস্থলীলৈ খোজকাঢ়ি গৈ আছে উদ্ধাৰকাৰী দল। ভঙা হেলিকপ্টাৰখনৰ অৱস্থাও শোচনীয়। দুৰ্ঘটনাৰ ফলত ই বিধ্বস্ত হয়। হেলিকপ্টাৰখনত জুই লাগিছিল। বহু অংশ জ্বলি গৈছে। আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে হেলিকপ্টাৰখনৰ কেবিন।

Related News