NORTHEAST NOW (Assamese)
অসম

হৰমুজত মধ্যস্থতাৰ প্ৰস্তাৱ আগবঢ়োৱা পাকিস্তানৰে জাহাজ আৱদ্ধ কৰিলে ইৰাণে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 25, 2026 6:17 pm

মধ্যপ্ৰাচ্যৰ উত্তপ্ত পৰিস্থিতিৰ মাজতে এক নতুন উদ্বেগৰ সৃষ্টি হৈছে। ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ (IRGC) নৌসেনাই পাকিস্তান অভিমুখী এখন কণ্টেইনাৰ জাহাজ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হোৱাত বাধা প্ৰদান কৰিছে। জাহাজখনৰ নাম ‘ছেলেন’ (SELEN)।

সংযুক্ত আৰব আমিৰশ্বাহীৰ শ্বাৰজাহ বন্দৰৰ পৰা কৰাচী অভিমুখে যাত্ৰা কৰা জাহাজখন প্ৰণালীটোৰ প্ৰৱেশদ্বাৰৰ পৰাই ঘূৰাই দিয়া হয়। ইৰাণী কৰ্তৃপক্ষই দাবী কৰিছে যে জাহাজখনে আইনী প্ৰট’কল মানি চলা নাছিল আৰু ট্ৰেনজিটৰ বাবে প্ৰয়োজনীয় অনুমতিও লাভ কৰা নাছিল।

আই আৰ জি চিৰ নৌসেনাৰ অধিনায়ক আলিৰেজা টাংছিৰীয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কয় যে, “আইনী প্ৰট’কল অমান্য কৰাৰ বাবে কণ্টেইনাৰ জাহাজ ছেলেনক ঘূৰাই দিয়া হৈছে। ইয়াৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হোৱাৰ অনুমতি নাছিল।”

এআইএছৰ ট্ৰেকিঙৰ তথ্য অনুসৰি শ্বাৰজাহ এংকৰেজৰ পৰা কৰাচী অভিমুখে গৈ আছিল জাহাজখন। কিন্তু প্ৰণালীটোত ইৰাণৰ নিয়ন্ত্ৰিত ট্ৰেফিক লেনত উপনীত হোৱাৰ পিছত উভতি ঘূৰিবলগীয়া হৈছে।

বৰ্তমান কেছম দ্বীপৰ ওচৰত লংগৰ কৰা হৈছে জাহাজখন। যি সময়ত ইৰাণ আৰু আমেৰিকা-ইজৰাইলৰ সংঘাত তুংগত আছে সেই সময়তে এই ঘটনা সংঘটিত হৈছে। হৰমুজ প্ৰণালীয়ে বিশ্বৰ প্ৰায় এক পঞ্চমাংশ তেল বহন কৰে। ইৰাণে এতিয়া এই প্ৰণালীত কঠোৰ নিয়ন্ত্রণ আৰোপ কৰিছে। তেওঁলোকে কয় যে ‘অশত্ৰুতাপূৰ্ণ’ জাহাজসমূহক পূৰ্বৰ অনুমতি লৈ আৰু কিছুমান ক্ষেত্ৰত আনকি টোল দিও পাৰ হ’বলৈ দিয়া হ’ব। কিন্তু ইজৰাইল বা আমেৰিকাৰ সৈতে জড়িত বুলি ধাৰণা কৰা জাহাজৰ বাবে দুৱাৰ বন্ধ।

এই নিয়ম মানি নচলাৰ বাবে ছেলেন জাহাজখন ঘূৰাই দিয়া হৈছে। এই ঘটনা পাকিস্তানৰ বাবে যথেষ্ট অস্বস্তিকৰ। শেহতীয়াকৈ পাকিস্তানৰ সেনা প্ৰধান জেনেৰেল অসীম মুনিৰে শান্তিৰ প্ৰস্তাৱ আগবঢ়াই কৈছিল যে তেওঁৰ দেশে ইৰাণ, আমেৰিকা আৰু ইজৰাইলৰ মাজত শান্তি আলোচনাৰ মধ্যস্থতা কৰিবলৈ সাজু। প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফেও একেধৰণৰ বাৰ্তা প্ৰদান কৰে। কিন্তু এই সময়তে ইৰাণে পাকিস্তান অভিমুখী জাহাজখন আৱদ্ধ কৰি দিছে। ইয়াৰ ফলত পাকিস্তানী কৰ্তৃপক্ষৰ মাজত উদ্বেগ সৃষ্টি হৈছে।

কৰাচী বন্দৰলৈ সামগ্ৰী যোগান ব্যহত হোৱাৰ আশংকা সৃষ্টি হৈছে। ইতিমধ্যে হৰমুজ প্ৰণালীত জাহাজৰ যাতায়ত যথেষ্ট হ্ৰাস পাইছে। যুদ্ধ আৰম্ভ হোৱাৰ পৰাই বেছিভাগ টেংকাৰ আবদ্ধ হৈ আছে। চীন, ভাৰতৰ দৰে কিছুমান দেশে ইৰাণৰ সৈতে আলোচনাৰ জৰিয়তে নিৰাপদ পথ বিচাৰি পাইছে। কিন্তু পাকিস্তানৰ বাবে প্ৰথমবাৰ এনে ঘটনা সংঘটিত হৈছে। বিশ্লেষকসকলে কয় যে ইৰাণে হয়তো নিজৰ নিয়ন্ত্ৰণ স্থাপনৰ চেষ্টা কৰিছে।

ইপিনে, তেওঁলোকে প্ৰণালীটো ‘মুকলি’ ৰখাৰ নামত নিজৰ নিয়ম জাপি দিছে৷ কিছুমান জাহাজক টোল দি পাৰ হ’বলৈ দিয়া হৈছে, যাক ধেমালিতে ‘তেহৰাণ টোল বুথ’ বুলি কোৱা হৈছে। এই ঘটনা বিশ্ব বাণিজ্যৰ বাবেও চিন্তনীয়। যদিহে হৰমুজত বন্ধ বা নিষেধাজ্ঞা আৰোপ কৰা হয়, তেন্তে তেলৰ দাম বৃদ্ধি পাব আৰু যোগান শৃংখলত ব্যাঘাত জন্মিব।

ইন্ধন আমদানিৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল পাকিস্তানৰ দৰে দেশত এনে বাধাই অৰ্থনৈতিক চাপ বৃদ্ধি কৰিব। জানিব পৰা মতে পাকিস্তান চৰকাৰে ইতিমধ্যে ইৰাণৰ সৈতে যোগাযোগ কৰিছে। তেওঁলোকে বিচাৰে যে সমস্যাটো সোনকালে সমাধান হওক।