NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

ইৰাণৰ নোবেল বঁটা বিজয়ী নাৰ্গিছ মহম্মদীক হত্যাৰ ভাবুকি

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী July 11, 2025 7:30 pm

মৃত্যুৰ ভাবুকি লাভ কৰিছে ইৰাণৰ নোবেল বঁটা বিজয়ী নাৰ্গিছ মহম্মদীয়ে। নোবেল কমিটীয়ে প্ৰকাশ কৰা অনুসৰি নোবেল বঁটা বিজয়ী মানৱ অধিকাৰ কৰ্মী নাৰ্গিছ মহম্মদীয়ে মৃত্যুৰ ভাবুকি লাভ কৰিছে।

উল্লেখ্য যে নাৰ্গিছ মহম্মদীক ২০২৩ চনৰ শান্তিৰ নোবেল বঁটাৰে সন্মানিত কৰা হয়। ইৰাণত মহিলাৰ অধিকাৰৰ বাবে মাত মাতি আহিছে তেওঁ।

এই তথ্য দি নৰৱেৰ নোবেল কমিটীয়ে এক বিবৃতি প্ৰকাশ কৰিছে।

বিবৃতিটোত কোৱা হৈছে যে, “নৰৱেৰ নোবেল কমিটীৰ অধ্যক্ষ জৰ্জেন ভাটনে ফ্ৰিডনেছৰ সৈতে হোৱা ফোন কথোপকথনত নাৰ্গিছ মহম্মদীয়ে কয় যে তেওঁ নিজৰ অধিবক্তা আৰু অন্যান্য সূত্ৰৰ জৰিয়তে জানিব পাৰিছিল যে তেওঁ ভাবুকি পাইছে।বিবৃতিটোৰ মতে, নাৰ্গিছে যি কৈছিল, “মোক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে শাসন ব্যৱস্থাৰ এজেণ্টৰ দ্বাৰা মৃত্যুৰ ভাবুকি দিয়া হৈছে।”