NORTHEAST NOW (Assamese)

ছাদৰ ওপৰত অন্তৰংগ চুম্বন; গ্ৰেপ্তাৰ জনপ্ৰিয় পাৰ্ক’ৰ এথলেট

May 24, 2020 8:20 am · এন ই নাও নিউজ

ইৰানৰ জনপ্ৰিয় পাৰ্ক’ৰ এথলেট আলিৰেজা জাপালাঘি আৰু তেওঁৰ ষ্টান্ট সহযোগীক তেহৰানৰ চাইবাৰ আৰক্ষীয়ে ‘অশালীন কাৰ্য’ৰ বাবে গ্ৰেপ্তাৰ কৰিছে।

যুটীটোৱে ছাদৰ ওপৰত অন্তৰংগ চুম্বনৰ এখন ফটো ছচিয়েল মিডিয়াত প’ষ্ট কৰাৰ পাছতে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়।

বাতৰি অনুসৰি, তেহৰান আৰক্ষীয়ে জানিবলৈ দিয়া মতে তেওঁলোকৰ‘ৰীতি তথা শ্বাৰিয়া আইন বিৰুদ্ধ অপৰম্পৰাগত পদক্ষেপ’ৰ বাবেই তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে।

এই কাৰ্যই লগতে ইৰানৰ কঠোৰ আইনৰ বিৰুদ্ধে ছচিয়েল মিডিয়াত এক সমালোচনাৰো জোৱাৰ তুলিছে।

আন একাংশ য়ুজাৰে আঙুলিয়াই দিয়ে যে আলিৰেজা জাপালাঘিয়ে এনেধৰণৰ ফটো আগতেও প’ষ্ট কৰিছিল যদিও তেওঁক এইবাৰ আন কাৰণেহে গ্ৰেপ্তাৰ কৰা হৈছে।

বাতৰি অনুসৰি, আলিৰেজাই এন্টি-নাৰ্’টিকছ বিভাগৰ এগৰাকী আৰক্ষী বিষয়া তেওঁৰ পিতৃ অন্তৰ্ধান হোৱা আৰু কৰ্তৃপক্ষই গোচৰটোৰ তদন্ত কৰাত ব্যৰ্থ হোৱাৰ সন্দৰ্ভত প্ৰশ্ন তুলিছিল।

Related News