NORTHEAST NOW (Assamese)

ইজৰাইলৰ আক্ৰমণত নিহত ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ড কমাণ্ডাৰ চালামি; নিহত দুই পৰমানু বিজ্ঞানীও

June 13, 2025 10:20 am · এন ই নাও নিউজ, গুৱাহাটী

ইৰাণৰ শক্তিশালী ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড বাহিনীৰ কমাণ্ডাৰ হোছেইন চালামি ইজৰাইলৰ বিমান আক্ৰমণত নিহত হোৱা বুলি ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে নিশ্চিত কৰিছে। খবৰ অনুসৰি তেওঁৰ লগতে আই আৰ জি চিৰ আন এজন শীৰ্ষ বিষয়া আৰু দুজন পৰমানু বিজ্ঞানীও নিহত হোৱাৰ আশংকা কৰা হৈছে।

ইৰাণৰ অন্যতম শক্তিশালী সামৰিক সংগঠন ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছ, যিয়ে দেশখনৰ বেলিষ্টিক মিছাইল বাহিনী নিয়ন্ত্ৰণ কৰে। শেহতীয়াকৈ গাজা যুদ্ধৰ সময়ত ইজৰাইলৰ ওপৰত এই বাহিনীটোৱে দুবাৰকৈ ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাইছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবাদ মাধ্যম এক্সিয়াছে কয় যে ইজৰাইলৰ বিমান আক্ৰমণৰ মূল লক্ষ্য হৈছে ইৰাণৰ সামৰিক মুখ্য কাৰ্যালয়ৰ উচ্চ পদস্থ বিষয়া। এই আক্ৰমণৰ অন্যতম লক্ষ্য আছিল নাটাঞ্জ পাৰমাণৱিক কেন্দ্ৰ।

ইৰাণৰ চৰকাৰী টেলিভিছন প্ৰেছ টিভিয়ে বিস্ফোৰণৰ ভিডিঅ’ প্ৰকাশ কৰে, য’ত ধোঁৱা আৰু জুইৰ শিখা দেখা গৈছে।

ইৰাণৰ চৰকাৰী টেলিভিছনৰ বাতৰি অনুসৰি ৰাজধানী তেহৰাণৰ পূব অংশৰ পিৰুজী ষ্ট্ৰীটত থকা আই আৰ জি চিৰ মুখ্য কাৰ্যালয়ত বিস্ফোৰণ আৰু অগ্নিকাণ্ড দেখা গৈছে। “আই আৰ জি চিৰ জেনেৰেল কমাণ্ড মুখ্য কাৰ্যালয়ৰ ভৱনৰ পৰা জুই আৰু ধোঁৱা বিয়পি পৰিছে।”

এই আক্ৰমণৰ ফলত আই আৰ জি চি আৰু ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ গুৰুতৰ ক্ষতি হোৱাৰ সন্দেহ কৰা হৈছে। ইয়াৰ জৰিয়তে ইজৰাইলে হয়তো ইৰাণৰ সামৰিক আৰু কৌশলগত সামৰ্থ্যক প্ৰত্যক্ষভাৱে লক্ষ্য কৰি লৈছে। বিশ্লেষকসকলৰ মতে, এই ঘটনাই মধ্যপ্ৰাচ্যত পুনৰ উত্তেজনা বৃদ্ধি কৰিব।

ইপিনে ইৰাণৰ চৰকাৰী সংবাদ সংস্থা আইআৰএনএ-ই প্ৰকাশ কৰা অনুসৰি ৰাজধানী তেহৰাণৰ এটা আৱাসিক অট্টালিকাত ইজৰাইলৰ ক্ষেপণাস্ত্ৰ আক্ৰমণত মহিলা আৰু শিশুকে ধৰি কেইবাজনো সাধাৰণ নাগৰিক নিহত হৈছে। সংবাদ সংস্থাটোৱে কয় যে, “তেহৰাণৰ এটা আৱাসিক কমপ্লেক্সত সংঘটিত আক্ৰমণত মহিলা আৰু শিশুকে ধৰি কেইবাগৰাকীও মহিলা আৰু শিশু শ্বহীদ হৈছে।”

ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ে এই আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে। এক বিবৃতিত ইয়াক আন্তঃৰাষ্ট্ৰীয় আইনৰ প্ৰত্যক্ষ উলংঘা বুলি অভিহিত কৰা হৈছে। বিবৃতিটোত কোৱা হৈছে যে এই আগ্ৰাসনৰ প্ৰতি ইৰাণে উপযুক্ত সঁহাৰি দিয়াৰ অধিকাৰ সংৰক্ষিত ৰাখিছে। ইয়াৰ ভয়াৱহ পৰিণতিৰ বাবে ইজৰাইল সাজু হ’ব লাগিব।

ইৰাণে সকীয়াই দিছে যে এনে আগ্ৰাসনৰ প্ৰত্যুত্তৰ কঠোৰভাৱে দিয়া হ’ব। ইয়াত কোৱা হৈছে যে ইজৰাইল আৰু আমেৰিকাই, “এতিয়া ইয়াৰ পৰিণাম ভোগ কৰাৰ সময়।”

Related News