NORTHEAST NOW (Assamese)
অসম

গাংগুলী আৰু ধোনীৰ সংমিশ্ৰণ ৰোহিত শৰ্মা : ইৰফান পাঠান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 13, 2020 7:30 pm
irfan pathan

আই পি এলত মুম্বাই ইণ্ডিয়ানছক নেতৃত্ব দি ক্ৰমাগত পঞ্চমবাৰৰ বাবে বিজয়ী কৰোৱা অধিনায়ক ৰোহিত শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে প্ৰাক্তন অলৰাউণ্ডাৰ ইৰফান পাঠান।

ৰোহিত শৰ্মাৰ নেতৃত্বৰ প্ৰশংসা কৰি ইৰফান পাঠানে ৰোহিতক প্ৰাক্তন ভাৰতীয় অধিনায়ক সৌৰভ গাংগুলী আৰু মহেন্দ্ৰ সিং ধোনীৰ সংমিশ্ৰণ বুলি উল্লেখ কৰে।

‘‘সৌৰভ গাংগুলীয়ে সদায় তেওঁৰ বলাৰক বিশ্বাস কৰিছিল আৰু মহেন্দ্ৰ সিং ধোনীয়ো বলাৰৰ প্ৰতি বিশ্বাস ৰাখি হঠাৎ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু ৰোহিত শৰ্মা হ’ল দুয়োগৰাকীৰ সংমিশ্ৰণ,’’ ইৰফান পাঠানে কয়।

উল্লেখযোগ্য যে, ৰোহিত শৰ্মাৰ নেতৃত্বত চলিত বৰ্ষত মুম্বাই ইণ্ডিয়ানছে দিল্লী কেপিটেলছক পৰাস্ত কৰি খিতাপ অৰ্জন কৰে। এয়া হৈছে ৰোহিতৰ নেতৃত্বত মুম্বাই ইণ্ডিয়ানছৰ পঞ্চমটো আই পি এল খিতাপ।

ইৰফান পাঠানৰ পূৰ্বে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ গৌতম গম্ভীৰেও ৰোহিত শৰ্মাৰ নেতৃত্বৰ প্ৰশংসা কৰি ৰোহিতক ভাৰতীয় সীমিত অভাৰ ক্ৰিকেটৰ নেতৃত্ব অৰ্পন কৰা উচিত বুলি উল্লেখ কৰিছিল।