‘চিকেন কাৰী’ খাবলৈ নাপাই নিজ পুত্ৰক হত্যা খাদ্যলোভী পিতৃৰ
এইখন ভাৰততে সংঘটিত হৈছে এনে এক ঘটনা। যিখন দেশত পিতৃ–মাতেৃয়ে নিজৰ সন্তানক খুৱাবলৈ নিজে লঘোণে থাকিবলৈও কুন্ঠাবোধ নকৰে, সেইখন দেশতে সামান্য এবাতি মুৰ্গী মাংসৰ তৰকাৰীৰ বাবে এগৰাকী পিতৃয়ে নিজৰ পুত্ৰক হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে।
জানিব পৰা মতে কৰ্ণাটকৰ দক্ষিণ কানাড়া জিলাত এগৰাকী পিতৃয়ে কামৰ পৰা ঘৰলৈ ঘূৰি আহি মাংস খাবলৈ নোপোৱাৰ অভিযোগত নিজৰ ৩২ বছৰীয়া পুত্ৰক কাঠৰ টুকুৰাৰে মৰিয়াই মৰিয়াই হত্যা কৰে।
পিতৃৰ হাতত প্ৰাণ যোৱা ভুক্তভোগী যুৱকজনৰ নাম শিৱৰাম। আৰু পুত্ৰহন্তা পিতৃগৰাকীৰ নাম হৈছে ছিনা।
অভিযোগ অনুসৰি, ছিনাই কৰ্মস্থলীৰ পৰা ঘৰলৈ আহি খাবৰ বাবে ৰান্ধি থোৱা মাংসৰ তৰকাৰী বিচাৰিছিল। কিন্তু পুত্ৰ শিৱৰামে পিতৃ ঘৰলৈ অহাৰ আগতেই খাই ঢুকুৱাইছিল ঘৰতে ৰন্ধা মাংসৰ তৰকাৰীখিনি। যাৰ বাবে মাংস খাবলৈ নাপায় ছিনাই শিৱৰামক গালি–গালাজ কৰিবলৈ আৰম্ভ কৰে। তেনেকৈয়ে দুয়োৰে মাজত মৌখিক কন্দলৰ সূচনা হয়।
তৰ্কা–তৰ্কি লাগি থকাৰ মাজতেই ছিনাই পুত্ৰক এডোখৰ কাঠেৰে গুৰুলা–গুৰুলকৈ প্ৰহাৰ কৰে। পিতৃৰ প্ৰহাৰত গুৰুতৰভাবে আহত হয় শিৱৰাম। কাজিয়া লগা বুলি জানিব পাৰি ওচৰ চুবুৰীয়াই কাজিয়া ভাঙি শিৱৰামক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসালয়ত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
জানিব পৰা মতে, ঘটনাৰ সময়ত পিতৃ ছিনা সুৰাসক্ত অৱস্থাত আছিল। স্থানীয় লোকে জনোৱা মতে এই দুই পিতা–পুত্ৰৰ মাজত প্ৰায়ে কাজিয়া–পেচাল হৈছিল।
ইতিমধ্যে, আৰক্ষীয়ে গোচৰ ৰুজো কৰি অভিযুক্ত ছিনাক গ্ৰেপ্তাৰ কৰিছে।