NORTHEAST NOW (Assamese)
Popular Stories

দুখীয়া হৈছে নেকি বিচিচিআই?; আই পি এলৰ প্ৰাইজমানি হ্ৰাস, বাতিল উদ্বোধনী অনুষ্ঠান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 4, 2020 3:22 pm
BCCI

অৰ্থনৈতিক মন্দাৱস্থাৰ সন্মুখিন হৈছে নেকি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ড? আই পি এলৰ প্লে-অফৰ প্ৰাইজমানি হ্ৰাস কৰা হৈছে, উদ্বোধনী অনুষ্ঠান বাতিল কৰা হৈছে।

এনে ধৰণৰ পদক্ষেপৰ দ্বাৰা বিচিচিআই অৰ্থনৈতিক মন্দা অৱস্থাৰ সন্মুখিন হৈছে নেকি তাক লৈ প্ৰশ্ন উত্থাপন হৈছে।

জানিব পৰা মতে, বিচিচিআইয়ে আই পি এলৰ সমূহ অংশীদ্বাৰ আৰু দল সমূহক এইবৰ্ষৰ পৰা আই পি এলত কোনোধৰণৰ উদ্বোধনী অনুষ্ঠান নাথাকিব বুলি জাননী প্ৰেৰণ কৰিছে।

জাননীত প্লে-অফলৈ যোগ্যতা অৰ্জন কৰা দলৰ প্ৰাইজমানিও হ্ৰাস কৰাৰ বিষয়ে উল্লেখ আছে।

আই পি এলৰ চলিত বৰ্ষৰ পুৰস্কাৰৰ বাবে নিৰ্ধাৰণ কৰা ধনৰ পৰা মুঠ ৫০ শতাংশ হ্ৰাস কৰা হৈছে।

২০২০ বৰ্ষত আই পি এলত বিজয়ী দললৈ ২০ কোটি টকা পুৰস্কাৰ হিচাপে আগবঢ়োৱাৰ কথা আছিল যাক হ্ৰাস কৰি ১০ কোটি কৰা হৈছে।

আনহাতে, ৰাৰ্ণাছ-আপৰ ক্ষেত্ৰতো এই প্ৰাইজমানি ১২.৫ কোটি টকাৰ পৰা ৬.২৫ কোটি টকা কৰা হৈছে।

উল্লেখযোগ্য যে, বিচিচিআইয়ে প্ৰতিখন খেলৰ বাবদ প্ৰতিটো দলক দিয়া ধৰণে সম পৰিমাণৰ ধন ৰাজ্যিক ক্ৰিকেট বোৰ্ডলৈ আগবঢ়াব বুলিও জাননী খনত উল্লেখ কৰিছে।

ইয়াৰ ফলত প্ৰতিখন খেলৰ বাবদ ৰাজ্যিক বোৰ্ডে এক কোটি টকাকৈ বিচিচিআইৰ পৰা লাভ কৰিব।

খৰছ ৰাহি কৰাৰ উদ্দেশ্যে বিচিচিআইয়ে দল সমূহৰ সৈতে ছাপোৰ্ট ষ্টাফৰ নতুন ভ্ৰমণ নীতি নিৰ্ধাৰণ কৰিছে।

পূৰ্বে দলৰ সৈতে থকা জেষ্ঠ ছাপোৰ্ট ষ্টাফৰ সদস্য সকলক তিনি ঘণ্টাতকৈ অধিক সময় বিমানত যাত্ৰা কৰিবলগীয়া হ’লে বিজনেছ ক্লাছত যাত্ৰাৰ অনুমতি দিয়া হৈছিল যদিও এইবাৰ ৮ ঘণ্টাতকৈ অধিক সময় বিমান যাত্ৰ হলেহে বিজনেছ ক্লাছৰ অনুমতি দিয়া হৈছে অন্যথা ইকোনোমিক ক্লাছত যাত্ৰা কৰিব লাগিব।