NORTHEAST NOW (Assamese)
অসম

নাৰী নিৰ্যাতনৰ অভিযোগ : ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি নেকি ঋষিৰাজ কৌণ্ডিন্য ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 10, 2024 9:30 pm

“মই উদ্দেশ্যপ্ৰণোদিত ভাবে ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছোঁ৷” এই মন্তব্য আম আদমি পাৰ্টীৰ শোণিতপুৰ লোকসভাৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ৷ 

আজি শনিবাৰে গুৱাহাটীস্থিত আপ অসমৰ ৰাজ্যিক কাৰ্যালয়ত এখনি সংবাদমেল সম্বোধন কৰি সামাজিক মাধ্যমত বহুল প্ৰচাৰিত অভিযোগ সমূহ খণ্ডন কৰে আপৰ নেতা গৰাকীয়ে৷ 

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত্বশাসিত পৰিষদৰ ভুৱা OSD (বিশেষ কৰ্তব্যৰত বিষয়া) অভিযোগ সম্পৰ্কে আপ অসমৰ ৰাজ্যিক যুটীয়া সম্পাদক অম্লানজ্যোতি হাতীবৰুৱাই ঋষিৰাজ কৌণ্ডিন্যৰ পূৰ্বৰ নিযুক্তি পত্ৰ ৰাজহুৱা কৰে৷ 

মহিলা নিৰ্যাতনৰ দৰে এটি সংবেদনশীল বিষয়ত ঋষিৰাজ কৌণ্ডিন্যক ফান্দত পেলাবলৈ কৰা অপচেষ্টাক অভিযোগীৰ ভাষ্যত ইতিমধ্যেই মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজৰ আদেশ দিছে৷

আদালতত চলি থকা অন্য গোচৰ সমূহৰ বিষয় উত্থাপন কৰি আপ অসমৰ আইনী কোষৰ উপসভাপতি আৰিফ সিকদাৰে কয় যে IPC 420, 406 আৰু 468 ধাৰাত ৰুজু হোৱা গোচৰ সমূহ চৌলাংকী নামৰ বহিৰাজ্যৰ এজন প্ৰবঞ্চকে পৃথকে পৃথকে দিছপুৰ আৰু চান্দমাৰী থানাত ৰাজনৈতিক প্ৰৰোচনাত এজাহাৰ দিছিল৷