NORTHEAST NOW (Assamese)
অসম

হোৱাটছএপতকৈয়ো অধিক বিপদজনক মেছেঞ্জাৰ! কি কয় বিশেষজ্ঞই?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 22, 2021 1:47 pm
WhatsApp-v-Facebook-Messenger-950402

প্ৰাইভেচি পলিচিৰ পৰিৱৰ্তন অনাৰ ঘোষণা কৰাৰ পাছৰে পৰাই বিপদত পৰিছে মেচেজিং এপ হোৱাটছএপ।

ইয়াৰ মাজতেই এইবাৰ মেছেঞ্জাৰক লৈ সমালোচনা আৰম্ভ হৈছে।

হোৱাটছএপকৈয়ো ফেচবুকৰ মেছেঞ্জাৰ অধিক বিপদজনক এই সন্দৰ্ভত তথ্য লৈ এক প্ৰতিবেদন প্ৰকাশ কৰিছে প্ৰসিদ্ধ আন্তৰ্জাতিক আলোচনী ফ’ৰ্বছে।

আলোচনীখনৰ প্ৰতিবেদন অনুসৰি, মেছেঞ্জাৰ ব্যৱহাৰকাৰীসকলে বিনামূলীয়া সেৱা লাভ কৰিলেও গোপনে তেওঁলোকৰ তথ্য লৈ ফেচবুকে বাণিজ্যিক স্বাৰ্থ পূৰণ কৰিছে। এই তথ্যক আলম কৰি লৈ নিজৰ ব্যৱসায়ো বৃদ্ধি কৰিছে ফেচবুকে।

প্ৰাইভেচি পলিচিক লৈ হোৱাটছএপ চৰ্চালৈ অহাৰ পাছত লাখ লাখ গ্ৰাহকে বিকল্প এপ ছিগনেল, বিপ আৰু টেলিগ্ৰামৰ কাষ চাপিছে।

ইয়াৰ আঁত ধৰি বিভিন্ন সংবাদমাধ্যমত ফেচবুকৰ বিভিন্ন অনিয়মক লৈ বিস্তৃতভাৱে তথ্য প্ৰতিবেদন প্ৰকাশ পাইছে।

হোৱাটছএপে চলি থকা বিপৰ্যয় নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে ইয়াৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ নিশ্চয় ফেচবুকৰ মেছেঞ্জাৰৰ ওপৰতো পৰিব বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে।