NORTHEAST NOW (Assamese)
Popular Stories

আপোনাৰ বন্ধুৱে আপোনাক ব্যৱহাৰ কৰিছে নেকি? এইদৰে চিনি পাওক প্ৰকৃত স্বৰূপ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 21, 2026 6:45 am

দৈনন্দিন জীৱনত আমি যি কৰোঁ বা যি সিদ্ধান্ত লওঁ, সেই সকলোবোৰ আমি নিজেই বুজি পাওঁনে? নে আনৰ দ্বাৰা প্ৰভাৱিত হওঁ? মনোবিজ্ঞানীসকলৰ মতে, আমাৰ চৌপাশে সদায় এনে কিছুমান মানুহ থাকে, যিয়ে আমাক প্ৰভাৱিত কৰে, অৰ্থাৎ আমাৰ সিদ্ধান্ত লোৱাৰ ক্ষমতাক নিজৰ আয়ত্তলৈ নিয়ে। অথচ এইসকল মানুহক সহজে চিনি পোৱা নাযায়। সেয়েহে আমি কাৰোবাৰ দ্বাৰা প্ৰভাৱিত হৈছোঁ নে নাই, সেইটো বুজিব পৰা ক্ষমতা থকাটো অতি প্ৰয়োজনীয়। মনোবিজ্ঞানীসকলে কয় যে সৰুৰে পৰাই শিশুক এনে চতুৰ মানুহক চিনি পাবলৈ শিকাব লাগে।

এনে কিছুমান মানুহ আপুনি স্কুল, কলেজ, কৰ্মক্ষেত্ৰ বা ওচৰ চুবুৰীয়াৰ মাজতো দেখিবলৈ পাব, যিয়ে সকলো কামতে অকাৰণতে খৰখেদা লগায়। যেন পলম হ’লে কিবা ডাঙৰ বিপদত পৰিব। এনে মানুহৰ লগত বেছি সময় কটালে আপোনাৰ মনতো অকাৰণ ভয়ৰ সৃষ্টি হ’ব পাৰে। কোনো কামত সামান্য ভুল হ’লেই পিছ পৰি যোৱাৰ ভয়ে আপোনাক খেদি ফুৰিব। সেয়েহে এনে মানুহৰ সংগ এৰাই চলাটোৱেই মংগলজনক।

আনহাতে, কিছুমান মানুহে আকৌ অকাৰণতে আপোনাক প্ৰশংসাৰে উপচাই পেলাব। ফলত নিজৰ অজান্তেই আপোনাৰ মনত তেওঁৰ প্ৰতি এক উচ্চ ধাৰণা গঢ়ি উঠিব। তাৰ পিছতেই সেই সুযোগ গ্ৰহণ কৰি মানুহজনে আপোনাৰ জৰিয়তে নিজৰ স্বাৰ্থ সিদ্ধি কৰি ল’ব। তেনে অৱস্থাত ইচ্ছা নাথাকিলেও আপুনি তেওঁক অস্বীকাৰ কৰিব নোৱাৰিব। সেয়েহে যেতিয়াই কোনোবাই অতিৰিক্ত প্ৰশংসা কৰে, তেতিয়াই সাৱধান হোৱাটো উচিত।

বিপৰীত দিশৰ মানুহজন আঘাত পাব বুলি ভাবি বহুতে কেতিয়াও কোনো কথাত অস্বীকাৰ কৰিব নোৱাৰে। অথচ ইয়াৰ ফলত আপুনি নিজেই বিপদত পৰে। কেতিয়াবা যদি অস্বীকাৰ কৰেও, পিছত তাৰ বাবে বাৰে বাৰে ক্ষমা বিচাৰিবলগীয়া হয়। মনোবিজ্ঞানীসকলৰ মতে, এনে আচৰণে চতুৰ মানুহক অধিক সুযোগ প্ৰদান কৰে। সেয়েহে মনত ৰাখিব যে যিকোনো বিষয়ত আপুনি আনৰ লগত একমত নহ’বও পাৰে। একমত নোহোৱাৰ বাবে যদি কোনোবাই আপোনাক দোষী অনুভৱ কৰোৱায়, তেন্তে নিশ্চিতভাৱে আপুনি এজন চতুৰ মানুহৰ সংগত আছে। প্ৰকৃত বন্ধুৱে কেতিয়াও কাৰণে অকাৰণে আপোনাক প্ৰশংসা কৰি নাথাকে।

এই চতুৰ মানুহবোৰে যে কেৱল মিঠা কথা কয়, তেনে নহয়। কিছুমান মানুহে আকৌ কথায়ে কথায়ে আপোনাক সৰু কৰিবলৈ চেষ্টা কৰে। বহু সময়ত এনে মানুহৰ মন জয় কৰিবলৈ গৈ আমি ভুল সিদ্ধান্ত লৈ পেলাওঁ। এনে ক্ষেত্ৰত বুজিব লাগিব যে যি ব্যক্তিয়ে আপোনাক সহজে অপমান কৰিব পাৰে, তেওঁ কেতিয়াও আপোনাৰ প্ৰকৃত মূল্য নুবুজে আৰু তেওঁ কেতিয়াও আপোনাৰ প্ৰকৃত বন্ধু বা শুভাকাংক্ষী হ’ব নোৱাৰে।