NORTHEAST NOW (Assamese)
ক্ৰীড়া

ভাৰতীয় ক্ৰিকেট শিবিৰত সালসলনি: দললৈ আমন্ত্ৰণ ঈষাণ কিষাণক; দলত আন এখন নতুন মুখ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 5, 2022 8:28 pm
West Indies vs India

দেওবাৰৰ পৰা ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া এদিনীয়া শৃংখলাৰ পূৰ্বে প্ৰথমখন এদিনীয়াৰ বাবে আজি ভাৰতীয় ক্ৰিকেট দলৰ শিবিৰত দুজন খেলুৱৈক অন্তৰ্ভূক্ত কৰা হৈছে।

পূৰ্বে ঘোষিত দলটোৰ শিখৰ ধাৱান, শ্ৰেয়স আয়াৰ, ৰুতুৰাজ গাইকোৱাড আৰু নৱদ্বীপ চাইনী ক’ভিদত আক্ৰান্ত হোৱাৰ বাবে দুজন খেলুৱৈক পুনৰ দলত অন্তৰ্ভূক্ত কৰা হৈছে।

দললৈ আমন্ত্ৰণ জনোৱা হৈছে উইকেটৰক্ষক বেটাৰ ঈষাণ কিষাণ আৰু উদীয়মান খেলুৱৈ শ্বাহৰুখ খানক। শ্বাহৰুখ খানক পোন প্ৰথমবাৰৰ বাবে জাতীয় দললৈ আমন্ত্ৰণ জনোৱা হৈছে।

উল্লেখ্য ইয়াৰ পূৰ্বে ভাৰতীয় দলত অপেনাৰ বেটাৰ মায়াংক আগৰৱালকো অন্তৰ্ভূক্ত কৰা হৈছিল।

বিচিচিআইয়ে এক প্ৰেছ বিজ্ঞপ্তিত কয়, “দেওবাৰে নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়া খেলৰ বাবে সৰ্বভাৰতীয় জ্যেষ্ঠ বাছনি সমিতিয়ে ঈশান কিষাণ আৰু শ্বাহৰুখ খানক ভাৰতীয় দলত অন্তৰ্ভূক্ত কৰিছে।”

 

প্ৰথম এদিনীয়াৰ বাবে ভাৰতীয় দলঃ ৰোহিত শৰ্মা (অধিনায়ক), বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱ, দীপক হুডা, ঋষভ পন্ত (উইকেট-ৰক্ষক), দীপক চাহাৰ, শাৰ্দুল ঠাকুৰ, যুজবেন্দ্ৰ চাহাল, কুলদীপ যাদৱ, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণৈ, মহম্মদ চিৰাজ, প্ৰসিধ কৃষ্ণ, আভেশ খান, ঈশান কিষাণ, শ্বাহৰুখ খান।