NORTHEAST NOW (Assamese)
Popular Stories

অষ্ট্ৰেলিয়া টেষ্ট শৃংখলাৰ পৰা বাহিৰ ঈশান্ত শৰ্মা, ১১ ডিচেম্বৰত ৰোহিত সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 27, 2020 9:04 am

ভাৰতৰ সবাটোকৈ অভিজ্ঞ বেগী বলাৰ ঈশান্ত শৰ্মাই আঘাতৰ সমস্যাৰ পৰা সম্পূৰ্ণ ৰূপে মুক্ত নোপোৱাত তেওঁক অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আগন্তক টেষ্ট মেচৰ শৃংখলাৰ পৰা বাদ দিয়া হৈছে।

আনহাতে হেমষ্ট্ৰিঙত ভোগী থকা ৰোহিত শৰ্মা সন্দৰ্ভত অহা ১১ ডিচেম্বৰত শেষ সিদ্ধান্ত গ্রহণ করা হ’ব। বি চি চি আইৰ সচিব জয় শ্বাহে বৃহস্পতিবাৰে এই কথা কয়।

নিশা ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীৰ সৈতে অনলাইনযোগে আলোচনা কৰাৰ পিছতে বি চি চি আইয়ে ক্ৰিকেটাৰ দুগৰাকীৰ স্বাস্থ্য সম্বন্ধত এই আপডেট জাৰি কৰে।

কোহলীয়ে এই সমগ্ৰ বিষয়টোত স্পষ্টতাৰ অভাৱ বুলি উল্লেখ কৰি অসন্তুষ্টি প্ৰকাশ কৰে।

ৰোহিতে ৰিদ্ধিমান সাহাৰ সৈতে কিয় অষ্ট্ৰেলিয়াত আহি আঘাতৰ ওপৰত কাম নকৰিলে বুলি কোহলীয়ে কৰা প্ৰশ্নৰ উত্তৰত শ্বাহে কয় যে হোৱাইট বলৰ উপ-অধিনায়ক গৰাকীয়ে আই পি এলৰ পিছত তেওঁৰ ৰুগীয়া পিতৃৰ সৈতে উপস্থিত থাকিবলৈ দেশলৈ উভতি আহিছে, যাৰ পিছত তেওঁ এন চি এলৈ গৈছে।

‘ৰোহিত শর্মাই আই পি এলৰ পিছত তেওঁৰ ৰুগীয়া পিতৃৰ সৈতে উপস্থিত থাকিবলৈ মুম্বাইলৈ উভতি আহিব লগা হৈছিল। তেওঁৰ পিতৃ এতিয়া ভালদৰে আৰোগ্য হৈছে আৰু যাৰ বাবে তেওঁ বৰ্তমান এন চি এত অনুশীলন চলাই আছে’, শ্বাহে কয়।

শ্বাহে লগতে কয়, ‘তেওঁ (ৰোহিত) বৰ্তমান এন চি এত আঘাতৰ ওপৰত কাম কৰি আছে। ৰোহিত শর্মাৰ পৰৱৰ্তী মূল্যায়ন ১১ ডিচেম্বৰত কৰা হ’ব যাৰ পিছত অষ্ট্ৰেলিয়াত আগন্তক বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফিত তেওঁৰ অংশগ্ৰহণৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব’।

উল্লেখ্য যে শ্বাহে জানিব দিয়া মতে ঈশান্ত শৰ্মাই আঘাতৰ পৰা সুস্থ হৈ উঠিছে যদিও মেচ ফিটনেছ প্ৰাপ্ত কৰিবলৈ তেওঁক আৰু অধিক সময় লাগিব।