NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

নৃশংস আইছিছ! ভূমিকম্পৰ বিপৰ্যয়ৰ মাজতে ছিৰিয়াত আইছিছৰ আক্ৰমণত ১১ গৰাকীৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 13, 2023 6:32 pm
ISIS Attack in Syria

ভয়াৱহ ভূমিকম্পই মৃত্যুলীলা চলোৱাত ছিৰিয়াত ভূতৰ ওপৰত দানহ পৰাদি এইবাৰ নৃশংস হৈ পৰিছে ইছলামিক সন্ত্ৰাসবাদী গোট আইছিছ। মধ্য ছিৰিয়াত আইছিছে চলোৱা নিৰ্বিচাৰ আক্ৰমণত ১১ জন লোকৰ মৃত্যু হৈছে।

ব্ৰিটেইনস্থিত ছিৰিয়ান মানৱ অধিকাৰ নিৰীক্ষণ কেন্দ্ৰৰ মতে, শনিবাৰে হোমছৰ পূব গ্ৰাম্য অঞ্চলৰ পালমাইৰা অঞ্চলত ট্ৰাফেল সংগ্ৰহ কৰি থকাৰ সময়তে প্ৰায় ৭৫ গৰাকী লোকক আক্ৰমণ কৰে আইছিছে।

এই আক্ৰমণত এগৰাকী মহিলাকে ধৰি ১০ গৰাকী সাধাৰণ নাগৰিক আৰু সামৰিক বাহিনীৰ এগৰাকী সদস্য নিহত হয়। আক্ৰমণত লগতে একাংশ লোক নিৰুদ্দেশ হোৱা বুলিও মানৱ অধিকাৰ গোটটোৱে সদৰী কৰিছে।

ছিৰিয়াৰ চৰকাৰী সংবাদ সংস্থা SANA-এ এই আক্ৰমণৰ বাতৰি প্ৰকাশ কৰিছে যদিও আক্ৰমণত নিহত লোকৰ সংখ্যা কম বুলি উল্লেখ কৰিছে। সংবাদ সংস্থাটোৰ মতে আইছিছৰ গুলীচালনাত এগৰাকী মহিলাকে ধৰি চাৰিগৰাকী সাধাৰণ নাগৰিক নিহত হয়।

সংবাদ সংস্থাটোৱে লগতে এই আক্ৰমণত আন দহগৰাকী লোক সাধাৰণভাৱে আহত হোৱাৰ বিপৰীতে কেইগৰাকীমান ব্যক্তি গুৰুতৰভাৱে আহত হৈছে বুলি উল্লেখ কৰিছে।

উল্লেখ্য যে, ১৯ চনৰ মাৰ্চ মাহত আমেৰিকাৰ নেতৃত্বত মিত্ৰশক্তিৰ সমৰ্থিত সামৰিক আক্ৰমণৰ পিছত আইছিছৰ শক্তি ক্ষয় পায় আৰু মূল ভূখণ্ড পৰা দেশখনৰ পূব দিশৰ মৰুভূমিৰ ফালে পিছুৱাই যায়।

ইয়াৰ পিছতে সন্ত্ৰাসবাদী সংগঠনটোৱে আত্মগোপন স্থান ব্যৱহাৰ কৰি কুৰ্দি নেতৃত্বাধীন বাহিনী আৰু ছিৰিয়া চৰকাৰী সৈন্যৰ ওপৰত আক্ৰমণ কৰাৰ লগতে ইৰাকতো আক্ৰমণ অব্যাহত ৰাখিছে।