NORTHEAST NOW (Assamese)
অসম

নৰ্থ-ইষ্ট য়ুনাইটেডৰ তিনিখন ঘৰুৱা মেচৰ দিন সলনি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 30, 2019 5:39 pm
M16-HFC-vs-NEUFC4JPG

সমাগত খেলো ইণ্ডিয়া যুৱ গেইমছৰ বাবে সৰুসজাই ষ্টেডিয়াম উপলব্ধ নোহোৱাত অহা ২ জানুৱাৰিত হ’ব লগীয়া নৰ্থ-ইষ্ট য়ুনাইটেড আৰু জামছেদপুৰ এফ চিৰ মাজৰ মেচখন পিছুৱাই দিয়া হৈছে।

নতুন সূচী অনুসৰি এই মেচখন অহা ১০ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’ব।

ইফালে গুৱাহাটীত সৃষ্টি হোৱা ব্যাপক কা বিৰোধী আন্দোলনৰ বাবে যোৱা ১২ ডিচেম্বৰত বাতিল হোৱা নৰ্থ-ইষ্ট য়ুনাইটেড আৰু চেন্নাইন এফ চিৰ মাজৰ মেচখন আই এছ এল কৰ্তৃপক্ষই অহা ২৫ ফেব্ৰুৱাৰিত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে।

ইয়াৰ উপৰি পূৰ্বে নিৰ্ধাৰিত নৰ্থ-ইষ্ট য়ুনাইটেড আৰু কেৰালা ব্লাষ্টাৰ্ছৰ মাজৰ মেচখন ৯ ফেব্ৰুৱাৰিৰ পৰিৱৰ্তে ৭ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’ব।

এই তিনিওখন মেচ গুৱাহাটীৰ সৰুসজাইস্থিত ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।