NORTHEAST NOW (Assamese)
Popular Stories

ইছলামাবাদ বিস্ফোৰণ: ভাৰতক দোষাৰোপ শ্বাহবাজ শ্বৰীফৰ; বৈদেশিক মন্ত্ৰালয়ৰ যোগ্য প্ৰত্যুত্তৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 12, 2025 9:26 am

ইছলামাবাদত শেহতীয়াকৈ সংঘটিত হোৱা আত্মঘাতী বোমা বিস্ফোৰণৰ আঁৰত ভাৰতৰ হাত আছে বুলি পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে কৰা মন্তব্য মঙলবাৰে ভাৰতে তীব্ৰভাৱে খণ্ডন কৰে। ভাৰতে এই অভিযোগক “সম্পূৰ্ণ ভিত্তিহীন”বুলি অভিহিত কৰিছে।

পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এক ৰাজহুৱা ভাষণত মঙলবাৰে পাকিস্তানৰ ৰাজধানী ইছলামাবাদত হোৱা শক্তিশালী বিস্ফোৰণৰ বাবে পোনপটীয়াকৈ ভাৰতক দোষাৰোপ কৰে। শ্বৰীফে কয়, “ভাৰতৰ সহযোগত আফগান ভূমিত প্ৰশিক্ষণ লোৱা সন্ত্ৰাসবাদীয়ে এই আত্মঘাতী আক্ৰমণ সংঘটিত কৰিছে।”

এই অভিযোগৰ প্ৰতি প্ৰতিক্ৰিয়া জনাই ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে স্পষ্টভাৱে কয়, “পাকিস্তানী নেতৃত্বই হতাশাৰে প্ৰেৰিত হৈ ভাৰতৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ উত্থাপন কৰিছে। এই দাবীসমূহক ভাৰতে সম্পূৰ্ণভাৱে নাকচ কৰিছে।”

উল্লেখযোগ্য যে, এই বিস্ফোৰণৰ দায়িত্ব ইতিমধ্যেই তেহৰিক-ই-তালিবান পাকিস্তানে (TTP) স্বীকাৰ কৰিছে। তেনেস্থলত TTPৰ এই দাবীৰ পাছতো পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতক দোষাৰোপ কৰাত তেওঁ কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে।

১১ নৱেম্বৰৰ দুপৰীয়া ইছলামাবাদৰ জিলা আদালতৰ বাহিৰত থকা এখন বাহনত এই শক্তিশালী বিস্ফোৰণ সংঘটিত হয়। স্থানীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি, এই বিস্ফোৰণত কমেও ১২ জন লোক নিহত আৰু ২০ জনতকৈও অধিক লোক আহতহৈছে।

ভাৰতীয় কূটনৈতিক মহলে মন্তব্য কৰে যে, পাকিস্তান নিজৰ অভ্যন্তৰীণ সংকট ঢাকি ৰখাৰ বাবে প্ৰায়ে এনে ধৰণৰ অযৌক্তিক অভিযোগ তোলে, যাৰ কোনো ভিত্তি নাই।