NORTHEAST NOW (Assamese)

ইজৰাইলৰ বিমান আক্ৰমণত নিহত হামাছৰ মুৰব্বীৰ তিনি পুত্ৰ

April 11, 2024 1:15 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 11, 2024 1:19 pm
ফটোঃ সংগ্ৰহীত।

ইজৰাইলৰ বিমান আক্ৰমণত নিহত হৈছে হামাছৰ নেতা হানিয়াৰ ৩ পুত্ৰৰ। ইজৰাইলে এই আক্ৰমণ সংঘটিত কৰিছিল উত্তৰ গাজাত।

উল্লেখ্য যে ইজৰাইলেও ঈদৰ দিনটোতো আক্ৰমণ চলাইছিল। হামাছৰ মুৰব্বী হানিয়াই কয় যে ইজৰাইলী আক্ৰমণত তেওঁৰ তিনিটা সন্তান হাজেম, আমিৰ আৰু মহম্মদৰ লগতে কেইবাজনো নাতি-নাতিনী নিহত হৈছে।

হানিয়াই কয় যে ঈদ উপলক্ষে শাতি শৰণাৰ্থী শিবিৰত আত্মীয়ৰ ওচৰলৈ যোৱাৰ সময়ত তেওঁৰ সন্তানকেইটা আক্ৰমণৰ বলি হয়। তেওঁ লগতে কয় যে যুদ্ধ আৰম্ভ হোৱাৰ পৰাই তেওঁৰ পৰিয়ালৰ প্ৰায় ৬০ জন সদস্যই প্ৰাণ হেৰুৱাইছে।

লগতে পঢ়কঃ `জীৱনত বহুত ভুল কৰিলো, এতিয়া জীয়াই থাকিব বিচাৰো’; আৰু কি বাৰ্তা ‘অনুতপ্ত আলিবাবা’ৰ!

কাটাৰত থকা হামাছৰ শীৰ্ষ নেতাগৰাকীয়ে ইজৰাইলৰ এই বৰ্বৰতাক গৰিহণা দিয়ে। পৰিয়াল আৰু ঘৰত আক্ৰমণৰ পিছতো পেলেষ্টাইনৰ নেতাসকলে পিছুৱাই নাযায় বুলিও তেওঁ দৃঢ়তাৰে কয়।

Related News