NORTHEAST NOW (Assamese)

এঘন্টাতে ধ্বংস কৰিলে ১২০টা ঘাটি! লেবাননৰ ক্ষেপণাস্ত্ৰৰ উত্তৰ দিলে ইজৰাইলী সেনাবাহিনীয়ে

October 8, 2024 12:24 pm · এন ই নাও নিউজ, গুৱাহাটী
ফাইল ফটোঃ সংগ্ৰহীত।

এসপ্তাহৰ ভিতৰতে ইজৰাইলক দুবাৰকৈ কঁপাই তুলিলে। সোমবাৰে ইজৰাইলৰ হাইফা অঞ্চলত হিজবুল্লাই প্ৰায় ১৩৫টা ফাদি-১ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে। ইয়াৰ প্ৰত্যুত্তৰত ইজৰাইলৰ সেনাই ৬০ মিনিটৰ ভিতৰতে দক্ষিণ লেবাননৰ ১২০টা হিজবুল্লাহ ঘাটিত ক্ষেপণাস্ত্ৰ আক্ৰমণ চলায়।

সোমবাৰে নিশা সেনাৰ এক বিবৃতি অনুসৰি বায়ুসেনাই লেবাননৰ ১২০টা ঘাটি ৬০ মিনিটৰ ভিতৰতে ধ্বংস কৰে।

ইজৰাইলে বিগত দুসপ্তাহ ধৰি লেবাননত অবিৰতভাৱে বিমান আক্ৰমণ চলাই আহিছে। দাবী কৰিছিল যে তেওঁলোকে হিজবুল্লাহৰ প্ৰায় সকলো শীৰ্ষ নেতাক হত্যা কৰিছে। ইয়াৰ পিছতে গম পোৱা গ’ল যে আইডিএফে দক্ষিণ লেবাননত প্ৰৱেশ কৰি হিজবুল্লাহৰ ঘাটি ধ্বংস কৰাৰ সিদ্ধান্ত লৈছে। কিন্তু হিজবুল্লাহও পৰি মৰা বিধৰ নহয়। তেওঁলোকেও প্ৰত্যাক্ৰমণ চলায়।

সূত্ৰ অনুসৰি সোমবাৰে ইজৰাইলৰ অন্যতম বৃহৎ চহৰ হাইফাত ৰকেট আৰু ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰে। তাৎপৰ্যপূৰ্ণভাৱে লেবাননে প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছে ‘ফাদি-১’ ক্ষেপণাস্ত্ৰ। জনা যায় যে এই আধুনিক ক্ষেপণাস্ত্ৰ অতি মাৰাত্মক। ই ৮০ কিলোমিটাৰ দূৰত্বৰ লক্ষ্যত আঘাত কৰিব পাৰে।

ইফালে এই আক্ৰমণ আৰু প্ৰত্যাক্ৰমণে ইজৰাইলত ভাৰতীয়সকলৰ জীৱনক লৈ সংশয়ৰ সৃষ্টি কৰিছে। বিগত কিছুদিনত যি পৰিস্থিতিৰ বিকাশ ঘটিছে, সেই পৰিস্থিতিত দেশখনত তেওঁলোকৰ জীৱন কিমান দিন নিৰাপদ হৈ থাকিব পাৰে সেয়াই ডাঙৰ প্ৰশ্ন। চৰম আতংকত তেওঁলোকে দিন কটাইছে। 

Related News