NORTHEAST NOW (Assamese)
অসম

চমৎকাৰ! মাত্ৰ ৩০ছেকেণ্ডৰ ভিতৰতেই হ’ব কৰ’নাৰ পৰীক্ষা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 24, 2020 11:26 am
Covid-test-image

মাৰাত্মক কৰ’না ভাইৰাছৰ কোনো কৰ্যাকৰী ভেকচিনৰ আৱিস্কাৰ নোহোৱাৰ সময়ত গোটেই বিশ্বতে এই ভাইৰাছে সন্ত্ৰাসৰ সৃষ্টি কৰিছে।

বিজ্ঞানী তথা গৱেষকসকলে কৰ’নাৰ বিৰুদ্ধে যুঁজখনত নিৰৱিচ্ছিন্নভাৱে ব্যস্ত হৈ পৰিছে। কোনোৱে যদি ঔষধ প্ৰস্তুত কৰিছে, কোনোৱে আকৌ ভেকচিন উলিয়াইছে।

ইয়াৰ মাজতে ভাৰতলৈ আহিছে ইজৰাইলৰ বিজ্ঞানী।

বাতৰি অনুসৰি, এই বিজ্ঞানীসকলে ভাৰতৰ সৈতে যৌথভাৱে কাম কৰিব। তেওঁলোকে এনে এটা টেষ্ট কিট প্ৰস্তুত কৰিব যাৰ দ্বাৰা মাত্ৰ ৩০ছেকেণ্ডৰ ভিতৰতে মানৱ শৰীৰত কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিব।

ইজৰাইৰ দূতাবাসৰ পৰা জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে অহা কেই সপ্তাহ ধৰি ইজৰাইলৰ বৈদেশিক, প্ৰতিৰক্ষা তথা স্বাস্থ্য মন্ত্ৰ্যালয়ে যৌথভাৱে ভাৰতৰ সৈতে কাম কৰিব।

ইয়াৰ বাবে ভাৰতলৈ আহিছে এখন বিশেষ বিমান আৰু তাত ইজৰাইলৰ গৱেষকসকলক লৈ অনা হৈছে।

ভাৰতৰ বিজ্ঞানী কে বিজয় ৰাঘৱন তথা ডিআৰডিঅ’ৰ সৈতে ইজৰাইলৰ গৱেষকসকলে কাম কৰিব।

কৰ’নাৰ সংক্ৰমণ চলি থকাৰ মাজতে ইজৰাইলৰ প্ৰধান মন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তিনিবাৰকৈ ফোনত বাৰ্তালাপ হয়।

বৃহস্পতিবাৰে সম্পূৰ্ণভাৱে ভাৰতত প্ৰস্তুত কৰা প্ৰথমটো এন্টিজেন টেষ্ট কিটে অনুমোদন লাভ কৰিছে। আইচিএমআৰৰ মেড ইন ইণ্ডিয়া প্ৰকল্পৰ অধীনত নিৰ্মিত এই কিটক অনুমোদন দিয়া হৈছে।

এতিয়াৰে পৰা ভাৰতৰ বজাৰত এই টেষ্ট কিট পোৱা যাব। কিটটোৰ নাম দিয়া হৈছে পেথোকাছ কোভিড-১৯ এন্টিজেন ৰেপিড টেষ্টি টেষ্টিং কিট। পুনেৰ মাই লেব নামৰ সংস্থাটোৱে জানিবলৈ দিয়া মতে এই কিটটোৰ দাম হ’ব ৪৫০টকা।