NORTHEAST NOW (Assamese)
অসম

কোভিডৰ বাবে পলম হ’ব ভাৰতৰ প্ৰথম মানৱ মহাকাশ অভিযানৰ বিমান যাত্ৰা : ইছৰোৰ অধ্যক্ষ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 7, 2020 4:01 pm

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ কে শিৱানে ভাৰতৰ প্ৰথম মানুহৰ সৈতে মহাকাশ যাত্ৰা পলম হ’ব বুলি উল্লেখ কৰে।

মহাকাশচাৰীৰ এটা দলৰ সৈতে মহাকাশলৈ উৰা মাৰিবলগীয়া মহাকাশ বিমান গগনযানৰ যাত্ৰা কোভিডৰ সংক্ৰমণৰ বাবে কিছু পলম হ’ব বুলি ইছৰোৰ অধ্যক্ষ গৰাকীয়ে জানিবলৈ দিয়ে।

পূৰ্বে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বান্ধি দিয়া সময়সীমা অনুসৰি ভাৰতৰ প্ৰথম মহাকাশলৈ মানৱ পৰিবাহী মহাকাশযানে ২০২১ চনৰ ডিচেম্বৰৰ পূৰ্বে মহাকাশলৈ উৰা মৰাৰ কথা আছিল।

ভাৰতে ২০২২ চনত স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তী পালন কৰা উপলক্ষে মহাকাশলৈ মহাকাশচাৰী প্ৰেৰণ কৰিব বুলি প্ৰধান মন্ত্ৰী মোদীয়ে উল্লেখ কৰিছিল।

কোভিড মহামাৰীৰ বাবে ইছৰোৰ কাম-কাজ বন্ধ হৈ থকা কাৰণে গগনযানৰ যাত্ৰাত বিলম্ব হ’ব বুলি শিবানে কয়।

কোভিডৰ বাবে প্ৰায় দীৰ্ঘ সময়ত ইছৰোৰ কাম-কাজ বন্ধ হৈ থকাৰ পাছত কিছুদিন পূৰ্বে ইছৰোই একেলগে দহটা কৃত্ৰিম উপগ্ৰহ মহাকাশালৈ প্ৰেৰণ কৰিছিল।