NORTHEAST NOW (Assamese)
অসম

বিষাক্ত আৰ্ছেনিক পান কৰোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন ইছৰোৰ বিজ্ঞানীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 6, 2021 11:07 am

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ বিজ্ঞানী তপন মিশ্ৰই তেওঁক বিষ পান কৰোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

মিশ্ৰৰ এই অভিযোগৰ পাছতে বিজ্ঞ মহলত যথেষ্ট খলকনিৰ সৃষ্টি হৈছে।

২০১৭ চনত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বাংগালুৰুস্থিত মুখ্য কাৰ্য্যালয়ত কৰ্মৰত হৈ থকা সময়তে তপন মিশ্ৰক আৰ্ছেনিক ট্ৰাইঅক্সাইড পান কৰোৱাৰ চেষ্টা কৰা হৈছিল বুলি মিশ্ৰই দাবী কৰে।

‘‘ইছৰোৰ মুখ্য কাৰ্য্যালয়ত দোছা আৰু চাটনিৰ সৈতে আৰ্ছেনিক ট্ৰাইঅক্সাইড মিহলি কৰি মোক দিয়া হৈছিল,’’ তপন মিশ্ৰই কয়।

‘‘ইয়াৰ পাছত মোৰ অৱস্থা যথেষ্ট শোচনীয় হৈ পৰিছিল……মোৰ প্ৰচুৰ আভ্যন্তৰীণ ৰক্তক্ষৰণ হৈছিল,’’ বিজ্ঞানী তপন মিশ্ৰই লগতে উল্লেখ কৰে।

আনহাতে, ২০২০ চনতো তপন মিশ্ৰক পুনৰ বাৰ বিষ পান কৰোৱাৰ চেষ্টা কৰা হৈছিল বুলি অভিযোগ কৰে মিশ্ৰই।

২০২০ চনত পুনৰবাৰ বিজ্ঞানী গৰাকীক বিষ পান কৰোৱাৰ চেষ্টা কৰা হৈছিল বুলি তেওঁ উল্লেখ কৰি ইয়াৰ ফলত তেওঁৰ ক্ষতি হোৱা গাৰ ছালৰো আলোকচিত্ৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে।

ইছৰোৰ বিজ্ঞানী গৰাকীৰ এই দাবীৰ পাছত ইছৰোৰ তৰফৰ পৰা কেনেধৰণৰ আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হয় সেয়া লক্ষ্যণীয় হ’ব।