NORTHEAST NOW (Assamese)
দেশ

দিব বতৰৰ আগজাননী: ভাৰতীয় মহাকাশ বিজ্ঞান কেন্দ্ৰই উৎক্ষেপন কৰিলে নৱতম উপগ্ৰহ INSAT-3DS

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 18, 2024 7:03 am
দিব বতৰৰ আগজাননী: ভাৰতীয় মহাকাশ বিজ্ঞান কেন্দ্ৰই উৎক্ষেপন কৰিলে নৱতম উপগ্ৰহ INSAT-3DS

শনিবাৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই হেভিলিফ্ট জিঅ’চিনক্ৰ’নাছ চেটেলাইট লঞ্চ ভেহিকেল Mk-II (GSLV-MkII)ৰ দ্বাৰা মহাকাশলৈ সফলভাবে নিক্ষেপন কৰে INSAT-3DS নামৰ এটি নতুন উপগ্ৰহ।

১০ বছৰৰ বাবে মহাকাশত সক্ৰিয়ভাবে এই উপগ্ৰহটোৱে ভাৰতৰ পৰিৱেশ নিৰীক্ষণ, সাগৰ পৰ্যবেক্ষণ, বতৰ পূৰ্বাভাস, আৰু দুৰ্যোগ সাহায্য অভিযান বৃদ্ধি আদিত অৰিহণা আগবঢ়াব ।

শনিবাৰে শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা বিয়লি ৫:৩৫ বজাত এই উপগ্ৰহটো উৎক্ষেপন কৰা হৈছিল।

জানিব পৰা মতে, পৃথিৱীৰ বিষুৱৰেখাৰ পৰা ৩৫,০০০ কিলোমিটাৰৰ ওপৰত এই উপগ্ৰহে প্ৰদক্ষিণ কৰিব।

চলিত বৰ্ষৰ প্ৰথম দিনটোত ইছৰ’ৱে মহাকাশলৈ এক্সপ’ছেট মিছন সফলতাৰে মুকলি কৰাৰ পিছত এইটোৱেই আছিল বছৰৰ দ্বিতীয়টো উৎক্ষেপণ।