NORTHEAST NOW (Assamese)
অসম

দৰ্শকবিহীন বন্ধ ষ্টেডিয়ামত বিৰোট কোহলীৰ আচৰণ আমোদজনক হ’ব : নাথান লিয়ন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 15, 2020 9:08 am
555_1568826771_618x347

দৰ্শকবিহীন বন্ধ ষ্টেডিয়ামত ক্ৰিকেট খেল অনুষ্ঠিত হ’লে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীৰ আচৰণ লক্ষ্যণীয় হ’ব বুলি মন্তব্য কৰিছে অষ্ট্ৰেলিয়ান স্পীনাৰ নাথান লিয়নে।

‘‘যদিহে বন্ধ ষ্টেডিয়ামত দৰ্শক নোহোৱাকৈ ক্ৰিকেট খেল অনুষ্ঠিত হয়…….বিৰাট কোহলীয়ে কেনেদৰে খালী আসনৰ পৰা সমৰ্থন আদায়ৰ চেষ্টা কৰিব সেয়া প্ৰত্যক্ষ কৰাটো আমোদজনক হ’ব,’’ লিয়নে কয়।

অৱশ্যে, শ্বেনৱাৰ্ণৰ পাছতে অষ্টেলিয়াৰ অন্যতম সফল স্পীনাৰ গৰাকীয়ে ভাৰতীয় অধিনায়ক বিৰাট কোহলীক প্ৰশংসা কৰি কোহলীক এগৰাকী চুপাৰষ্টাৰ বুলি কোৱাৰ লগতে কোহলীয়ে যিকোনো পৰিবেশতে সহজ হৈ খেলিব পাৰে বুলি কয়।

বিৰাট কোহলীয়ে প্ৰায়ে খেল চাবলৈ ষ্টেডিয়ামলৈ অহা দৰ্শক সকলৰ পৰা সমৰ্থন আদায়ৰ চেষ্টা কৰে।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে বৰ্তমান সময়ত বিশ্বত সকলো ধৰণৰ ক্ৰীড়া প্ৰতিযোগিতা সমূহ বন্ধ হৈ আছে।

আই পি এলৰ লগতে বহু ক্ৰিকেট ইভেণ্ট ইতিমধ্যে বাতিল অথবা পিছুৱাই দিয়া হৈছে।

ক্ৰিকেটাৰ সকলেও ল’কডাউনৰ বাবে নিজকে ঘৰৰ ভিতৰত আৱদ্ধ কৰি ৰাখিবলগীয়া হৈছে।