NORTHEAST NOW (Assamese)

কল কলা বিক্ৰী হৈছে ৮৭ লাখ টকাকৈ

December 7, 2019 4:40 pm · এন ই নাও নিউজ

বিশ্বাস কৰিবলৈ হয়তো টান, কিন্তু সঁচা। একোটা কলে ৮৭ লাখ টকাত বিক্ৰী হৈ বিশ্বজুৰি চৰ্চা লাভ কৰিছে।

ইউ এছৰ আৰ্ট বাজেল মায়ামিত এই কল কলা শিল্প বিক্ৰী হৈছে।

ইটালিয়ান শিল্পী মৰোজীওঁ কাটেলানে কলৰ তিনিটা ভাস্কৰ্য্য সৃষ্টি কৰিছিল। তাৰে দুটা বিক্ৰী হৈছে, অন্তিমটোৰ দাম আছিল ৮৭ লাখ টকা।

শিল্পীজনে এই কল কলাৰ নাম ৰাখিছে “কমেদিয়ান”। বহুতে কৈছে ইয়াক এটা “জ’ক” হিচাপে ব্যৱহাৰ কৰা হৈছে। কিছুৰমতে, ই বিশ্ব বাণিজ্য সূচাইছে।

মন কৰিব, মৰোজীওঁ বোলে চেটিৰিকেল আৰ্টিষ্ট।

কলকেইটা কিন্তু সঁচাসঁচি আমি খোৱা কলেই, শিল্পীয়ে তৈয়াৰ কৰা নহয়।

মৰোজীওঁৱে বোলে প্ৰথমতে ব্ৰ’ঞ্জেৰে এক কল কলা সৃষ্টি কৰাৰ কথা ভাবিছিল।

কিন্তু, পিছত সিদ্ধান্ত ল’লে আচল কলকে ব্যৱহাৰ কৰাৰ আৰু মায়ামিৰ বজাৰৰ পৰা অনা কল আৰু টে’পেই কল কলাৰ সৃষ্টি কৰিলে।

 

View this post on Instagram

 

? @mauriziocattelan colpisce ancora. L’enfant terrible dell’arte contemporaneo ha appeso una banana con il nastro adesivo alla parete dello stand di Galerie Perrotin a @artbasel Miami Beach. L’esotica scultura è stata subito venduta per la cifra da capogiro di 120mila euro. La storia online su Living.⁠ ⁠ #ArtBaselMiami⁠ #MaurizioCattelan #ArtBaselMiami #ArtBaselMiamiBeach #ArtBasel #Perrotin⁠ —⁠ Courtesy Maurizio Cattelan.⁠ Repost @galerieperrotin

A post shared by Living – Corriere della Sera (@livingcorriere) on

কিছুদিন পূৰ্বে ভাৰতৰ অভিনেতা ৰাহুল ব’সে চণ্ডীগড়ৰ এখন পঞ্চ তাৰকা হোটেলত দুটা কল খাই ৪৪২.৫ টকা আদায় দিব লগা হৈছিল।

চ’চিয়েল মিদিয়াত ব’সে সেই কথা সদৰী কৰাৰ পিছতে কথাটোক লৈ ব্যাপক চৰ্চা হৈছিল।

Related News