NORTHEAST NOW (Assamese)
অসম

‘Chillai Kalan’ মানে কি? ‘Chillai Kalan’ মানে হ’ল…

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 20, 2021 3:11 pm

সংগোপনে দেশৰ প্ৰান্তে প্ৰান্তে খোপনি পুতিছে শীতে।

গোলকীয় উষ্ণতা বৃদ্ধিৰ লগতে অন্যান্য কেতবোৰ কাৰণত ধৰালৈ শীত নামি অহাত ক্ৰমাৎ বিলম্ব হ’বলৈ ধৰিছে।

ইয়াৰ মাজতে বছৰৰ প্ৰথমটো শীত প্ৰবাহে জোকাৰি গৈছে ভূ-স্বৰ্গ কাশ্মীৰক। আহিছে ‘Chillai Kalan’।

শীত আৰু কাশ্মীৰৰ মাজত আছে এক অভিন্ন সম্পৰ্ক। শীতৰ দিনতেই মূলতঃ কাশ্মীৰলৈ সোঁত বয় দেশী-বিদেশী পৰ্যটকৰ।

কাশ্মীৰ উপত্যকাৰ বৰফৰ মাজত পৰ্যটকে সময় কটাই অনুভৱ কৰে বিমল আনন্দ।

সেই আনন্দৰ দিন বোৰ পুনৰ উভতি আহিছে কাশ্মীৰলৈ।

কালিৰে পৰা কাশ্মীৰৰ লগতে লাডাখত তাপমাত্ৰা ০ ডিগ্ৰীৰ বহু তললৈ নামি গৈছে। শ্ৰীনগৰ চহৰত আজি তাপমাত্ৰা হৈছে -১.৫ ডিগ্ৰী চেলচিয়াছ, কাজীগণ্ডত -১.৮ ডিগ্ৰী,পেহেলগামত -৪.৩ ডিগ্ৰী, ছপিয়ানত -৫ ডিগ্ৰী,ককৰেনাগত -১.৩ ডিগ্ৰী চেলচিয়াছ হৈছে।

একেদৰে কুপৱাৰাত তাপমাত্ৰা হৈছে -২.৭ ডিগ্ৰী চেলচিয়াছ, স্কী ৰিজ’ৰ্ট হিচাবে পৰিচিত গুলমাৰ্গত তাপমাত্ৰা হৈছে -১.০ ডিগ্ৰী। লেহত তাপমাত্ৰা হৈছে -৭.৮ ডিগ্ৰী, কাৰ্গিলত -১২.০ ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰা হোৱা দেখা গৈছে।

শীত প্ৰবাহৰ লগতে কাশ্মীৰ উপত্যকাত কুঁৱলীয়ে সৃষ্টি কৰিছে মায়াময় পৰিবেশৰ।

কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি ২৪ আৰু ২৫ নৱেম্বৰত কাশ্মীৰত উপত্যকাত প্ৰচুৰ মাত্ৰাত হিমপাত হ’ব। উল্লেখ্য প্ৰতি বছৰে ডিচেম্বৰৰ তৃতীয় সপ্তাহৰ পৰা কাশ্মীৰত শীতে ৰুদ্ৰ মূৰ্তি ধাৰণ কৰে।

সচৰাচৰ প্ৰতি বছৰে ২১ ডিচেম্বৰৰ পৰা উপত্যকাটোত শীতৰ সংহাৰ বৃদ্ধি পাবলৈ ধৰে। বতৰৰ এনে প্ৰতিকূল অৱস্থাক কাশ্মীৰী লোকসকল ‘Chillai Kalan’ বুলি কয়।

২১ ডিচেম্বৰৰ পৰা ৪০ দিনলৈ কাশ্মীৰত অব্যাহত থাকে  বতৰৰ প্ৰতিকূল অৱস্থা।

‘Chillai Kalan’পিছতে আন কেইবাটাও পৰ্যায় আহে।

Chillai Khurd অৰ্থাৎ ‘সৰু শীত’ হয় ২০ দিনীয়া।

Chillai Khurd ৩০ জানুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ অব্যাহত থাকে।

ইয়াৰ পিছত আহে Chillai Bachha অৰ্থাৎ ‘বেবী কোল্ড’ , এয়া ১৯ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ দহ দিন ধৰি চলে।

মূলতঃ কাশ্মীৰত ২১ ডিচেম্বৰৰ পৰা ২৯ জানুৱাৰীৰ ভিতৰত শীতৰ তীব্ৰতা বাঢ়ে আৰু এই সময়ছোৱাক ‘Chillai Kalan’ বুলি কোৱা হয়।।