NORTHEAST NOW (Assamese)
অসম

অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰী সম্বন্ধে সঠিক তথ্য সম্ভৱ নহয় : কেন্দ্ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 8, 2020 8:36 am
Bangladeshi-soldiers-nabbed-in-India-750x375

দেশৰ বিভিন্ন প্ৰান্তত বাস কৰি থকা অবৈধ বাংলাদেশী নাগৰিক সম্বন্ধে সঠিক তথ্য সংগ্ৰহ কৰাটো সম্ভৱ নহয় বুলি নতুন দিল্লীয়ে উল্লেখ কৰে।

কিন্তু ভিছাৰ ম্যাদ উকলি যোৱাৰ পাছতো সহস্ৰাধিক বাংলাদেশীয়ে ভাৰতত বাস কৰি আছে।

‘‘অবৈধ অনুপ্ৰবেশকাৰীয়ে গুপ্ত আৰু অনিবাৰ্য্য ধৰণে দেশত বৈধ নথি-পত্ৰ নোহোৱাকৈ প্ৰৱেশ কৰে,’’ কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে কয়।

এনেধৰণৰ অবৈধ বাংলাদেশীকে ধৰি অন্য দেশৰ নাগৰিকক চিনাক্ত কৰি প্ৰত্যাৱৰ্তনৰ কাম চলি আছে বুলিও মন্ত্ৰী গৰাকীয়ে লগতে কয়।

‘‘যিহেতু অবৈধ বাংলাদেশী অনুপ্ৰৱেশকৰীসকলে গুপ্ত আৰু অনিবাৰ্য্য ধৰণে দেশত প্ৰৱেশ কৰে সেইবাবে এনেধৰণৰ নাগৰিকৰ সঠিক সংখ্যা নিৰ্ধাৰণ কৰাটো কঠিন,’’ ৰায়ে উল্লেখ কৰে।

ভিছাৰ ম্যাদ উকলি যোৱাৰ পাছত ভাৰতত বাস কৰি থকা বাংলাদেশী লোকৰ সংখ্যা ২০১৭, ২০১৮ আৰু ২০১৯ চনত ক্ৰমে ২৫৯৪২, ৪৯৬৪৫ আৰু ৩৫০৫৫ গৰাকী।

আনহাতে, সহস্ৰাধিক বাংলাদেশী নাগৰিকে বৈধ নথি পত্ৰ নোহোৱাকৈ ভাৰতত প্ৰৱেশ কৰি ভাৰত-বাংলাদেশ সীমান্তত আটক হৈছে আৰু পৰৱৰ্তী সময়ত বাংলাদেশ চৰকাৰক এই নাগৰিক সকলক গটাই দিয়া হয়।