NORTHEAST NOW (Assamese)
অসম

ক’ৰ’ণাৰ আশীৰ্বাদ! দ্বিতীয় বাৰৰ বাবে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ পদত জেচিণ্ডা আৰ্ডেৰ্ন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 17, 2020 7:27 pm
aaaa jeci

নিউজিলেণ্ডত যেন শাসকীয় লেবাৰ পাৰ্টীৰ বাবে আশীৰ্বাদ হৈ আহিল ক’ৰ’ণাৰ অতিমাৰী।

ক’ৰ’ণা ভাইৰাছক সমুলঞ্চে নাকী লগাবলৈ সক্ষম হোৱা বিশ্বৰ প্ৰথম খন দেশ নিউজিলেণ্ডত শেহতীয়াকৈ অনুষ্ঠিত সাধাৰণ নিৰ্বাচনৰ ফলাফল আজি ঘোষণা কৰা হয়।

নিৰ্বাচনী ফলাফল অনুসৰি প্ৰত্যাশিত ভাবেই দ্বিতীয় বাৰৰ বাবে দেশখনত শাসনৰ পথ প্ৰশস্ত কৰি ল’বলৈ সক্ষম হয় জেচিণ্ডা আৰ্ডেৰ্ন নেতৃত্বাধীন লেবাৰ পাৰ্টীয়ে।

৩ অক্টোৱৰত অনুষ্ঠিত নিৰ্বাচনৰ আজি ঘোষিত ফলাফল অনুসৰি লেবাৰ পাৰ্টীয়ে লাভ কৰিছে ৪৯ শতাংশ ভোট।

ইয়াৰ বিপৰীতে লেবাৰ পাৰ্টীৰ শক্তিশালী প্ৰতিপক্ষ নেছনেল পাৰ্টীয়ে লাভ কৰিছে মাত্ৰ ২৭ শতাংশ ভোট।

চলিত বৰ্ষৰ প্ৰথম ভাগতে ক’ৰ’ণা ভাইৰাছে সংহাৰৰ সৃষ্টি কৰা নিউজিলেণ্ডত দেশ খনৰ ৪০ বছৰীয়া প্ৰধান মন্ত্ৰী জেচিণ্ডা আৰ্ডেৰ্নে সম্পূৰ্ণ নিজস্ব চিন্তা আৰু পৰিকল্পনাৰে দেশ খনক ক’ৰ’ণাৰ পৰা সমূলি মুক্ত কৰিবলৈ সক্ষম হৈছিল।

জেচিণ্ডাই যেন কোনো যাদুৰ বলতহে নিউজিলেণ্ডক ক’ৰ’ণাৰ পৰা সম্পূৰ্ণ ভাবে মুক্ত দেশ কৰি তুলিবলৈ সক্ষম হৈছে।

ক’ৰ’ণাক পৰাভূত কৰাত সক্ষম হোৱাৰ বাবেই জেচিণ্ডা দেশবাসীৰ বাবে হৈ পৰিছিল ভগৱানৰ দৰে ।

সেইবাবেই বিৰোধীৰ সকলো বাধা ওফৰাই লেবাৰ পাৰ্টীয়ে পুনৰ দেশ খনত বিজয় সাৱস্ত্য কৰিবলৈ সক্ষম হ’ল।

এই বিজয়ক প্ৰধানমন্ত্ৰী জেচিণ্ডাই ৰাইজৰ বিজয় আখ্যা দিয়াৰ লগতে ক’ৰ’ণাৰ দৰে ভাইৰাছৰ বিৰুদ্ধে যুঁজ দি লাভ কৰা সাফল্যৰ সুফল বুলি অভিহিত কৰিছে।