NORTHEAST NOW (Assamese)

উৎকণ্ঠাৰ অৱসান: সন্ধান পোৱা গ’ল চীনৰ ধন কুবেৰ জেক মাৰ

January 20, 2021 1:20 pm · এন ই নাও নিউজ

চীনৰ চৰকাৰৰ বেংক নীতিৰ বিৰোধিতা কৰি বেইজিঙৰ ৰোষত পৰাচীনৰ ধন কুবেৰ জেক মা যোৱা বছৰৰ অক্টোৱৰ মাহৰ পৰাই সন্ধানহীন হৈ আছিল যদিও শেহতীয়াকৈ তেওঁৰ সন্ধান পোৱা গৈছে।

সন্ধানহীন হোৱাৰ পিছৰে পৰাই জেক মাক ঝি জিনপিঙৰ চৰকাৰে গৃহবন্দী কৰি ৰাখিছে বুলি বিভিন্ন মহলত আলোচনা হৈ আছিল যদিও শেহতীয়াকৈ সকলো সন্দেহৰ ওৰ পেলাই জেক মাৰ পুনৰ ৰাজহুৱা ভাবে আবিৰ্ভাৱ ঘটিছে।

চীনৰ চৰকাৰী নিউজ ৱেবছাইট ঝেজিয়াঙৰ অনলাইন নিউজ প’ৰ্টেল তিনামু নিউজে প্চাৰ কৰা বাতৰি অনুসৰি জেক মাই শেহতীয়াকৈ জেক মাই চীনৰ গাঁও অঞ্চলৰ ১০০ জন শিক্ষকৰ সৈতে বৈঠকত মিলিত হোৱাৰ এক ভিডিঅ’ প্ৰকাশ পাইছে।

ভিডিঅ’টোৱে প্ৰমাণ কৰিছে যে জেক মাক গৃহবন্দী কৰা হোৱা নাই।

উল্লেখ্য বিখ্যাত আলিবাবা কোম্পানীৰ প্ৰতিষ্ঠাতা তথা বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি চীনৰ জেক মা।

তেওঁ উদ্ভাৱন কৰা নিজৰ টেলেন্ট শ্ব’তো আনকি  সৌসিদিনালৈ তেওঁৰ উপস্থিতি দেখা পোৱা যোৱা নাছিল।।

যোৱা অক্টোবৰ মাহত চীনৰ আৰ্থিক সংস্কাৰ নিয়ামক সংস্থাৰ সমালোচনা কৰিছিল ধনকুবেৰ গৰাকীয়ে।

ইয়াৰ পাছতে বিগত প্ৰায় দুমাহ ধৰি তেওঁক ক’তো দেখা যোৱা নাছিল।

জেক মা’ই আৰম্ভ কৰা ‘আফ্ৰিকা’ছ বিজনেছ হিৰো’ নামৰ জনপ্ৰিয় অনুষ্ঠানটোত উদীয়মান আফ্ৰিকাৰ উদ্যোগীসকলৰ মাজত ব্যৱসায়িক উদ্ভাৱনি ক্ষমতাকলৈ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। প্ৰতিযোগিতা বিজয়ীক আগবঢ়োৱা হয় ১৫লাখ মাৰ্কিন ডলাৰৰ আকৰ্ষণীয় পুৰষ্কাৰ।

শ্ব’টোৰ চূড়ান্ত ৰাউণ্ডতো জেক মা’ উপস্থিত নাছিল। সেয়েহে তেওঁ  মুক্ত নে গৃহবন্দী তাক লৈয়ো আশংকাৰ সৃষ্টি হৈছিল।

ব্ৰিটিছ দৈনিক ফাইনেন্সিয়েল টাইমছৰ মতে বিচাৰকৰ পেনেলৰ ৱেবপেজৰ পৰাও চীনা ব্যৱসায়ীগৰাকীৰ ছবি অঁতৰাই দিয়া হৈছিল।

তদুপৰি, শ্ব’টোৰ প্ৰমোচনমূলক ভিডিঅ’তো তেওঁ থকা অংশটো কাটি দিয়া হৈছিল।

দেশখনৰ কেন্দ্ৰীয় বেংকৰ নীতিক সমালোচনা কৰাৰ পাছৰে পৰাই আক্ৰমণৰ লক্ষ্য হৈ পৰিছে আলিবাবা আৰু জেক মা’ৰ আন এটি প্ৰতিষ্ঠান অ্যান্ট গ্ৰুপ।

ইয়াৰ মাজতে অ্যান্ট গ্ৰুপৰ ৩৭ বিলিয়ন ডলাৰৰ আইপিঅ’ও চাংহাই ষ্টক এক্সচেঞ্জে স্থগিত কৰে। ইয়াৰ পাছৰে পৰা আৰু জেক মা’ক দেখা পোৱা যোৱা নাছিল।

Related News