NORTHEAST NOW (Assamese)
Popular Stories

ম্যানমাৰৰ খনি দুৰ্ঘটনা: ৰত্নৰ ভাণ্ডাৰ কাচিনত নাই কিয় চৰকাৰৰ নিয়ন্ত্ৰণ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 30, 2020 7:38 pm
merlin

কাচিন। ম্যানমাৰৰ এই ঠাই খনৰ নামটো বহুতৰে বাবে চিনাকি নাম।

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সশস্ত্ৰ বিদ্ৰোহৰ মক্কা স্বৰুপ কাচিনৰ পৰিচয় কেৱল সন্ত্ৰাসমূলক কৰ্ম কাণ্ডতেই সীমাৱদ্ধ হৈ থকা নাই।

কাচিনৰ আছে আন এক পৰিচয়ো। যি পৰিচয়ৰ বাবে কাচিন বিশ্ব বিখ্যাত।

য়াংগুনৰ পৰা প্ৰায় ৯৫০ কিলোমিটাৰ দূৰৈত অৱস্থিত কাচিনৰ ভূগৰ্ভত সঞ্চিত হৈ আছে মহা মূল্যৱান ৰত্ন।

ম্যানমাৰৰ মুঠ ঘৰুৱা উৎপাদনৰ আধা অংশই আহে কাচিনৰ ৰত্ন ভাণ্ডাৰৰ পৰা।

কাচিনৰ ভূগৰ্ভত থকা জেড নামৰ ৰত্ন বিধৰ আদৰ বিশ্বজোৰা।

সেউজীয়া বৰণৰ এই ৰত্ন অলংকাৰত ব্যৱহাৰ কৰা হ’য়।

কিছুদিন পূৰ্বে কাচিন প্ৰদেশৰ কাপান্ত নামৰ অঞ্চলত থকা এটা জেড খনিত সংঘটিত দুৰ্ঘটনাত মৃত্যু ঘটিছিল ১৭৪ জন লোকৰ। পাহাৰৰ পৰা নামি অহা বোকা-পানীৰ ঢলে উটুৱাই নিছিল বহু লোকক।

ম্যানমাৰৰ ৰত্ন ভাণ্ডাৰ কাচিনৰ ওপৰত পিছে ম্যানমাৰ চৰকাৰৰ নাই কোনো বিশেষ নিয়ন্ত্ৰণ।

১৯৬২ চনৰ পৰাই প্ৰায় ৫০ বছৰ ধৰি জুন্টাৰ দখলত থকা ম্যানমাৰক বিশ্বই নিষিদ্ধ কৰিছিল।

২০১১ চনত সামৰিক শাসক ইউ থেই ছেনে ম্যানমাৰৰ শাসনৰ ভাৰ লোৱাৰ পিছত দেশখনৰ প্ৰাকৃতিক সম্পদৰ কৰ্ষণ আৰু বিপণনত গুৰুত্ব দিছিল।

কিন্তু বিদ্ৰোহীৰ নিয়ন্ত্ৰণত থকা কাচিনত চৰকাৰে বিশেষ প্ৰভূত্ব বিস্তাৰ কৰিব নোৱাৰিলে।

২০১৬ চনত দেশখনত ৰাজনৈতিক পট পৰিবৰ্তন ঘটি আং চান ছ্যু কী নেতৃত্বাধীন নেচনেল লীগ ফৰ ডেম’ক্ৰেচিয়ে শাসন ভাৰ গ্ৰহণ কৰে যদিও সংসদত এতিয়াও ২৫ শতাংশ সামৰিক শাসনৰ সমৰ্থক থকাত চ্যু কীয়েও কাচিনৰ ওপৰত নিয়ন্ত্ৰণ সাৱ্যস্ত কৰাত ব্যৰ্থ হৈছে।

ফলত সঠিক প্ৰশাসনিক নিয়ন্ত্ৰণৰ অভাৱত কাচিনৰ ৰত্নৰ খনি সমূহত প্ৰায়ে কুকুৰ-মেকুৰীৰ দৰে মৃত্যু ঘটি আহিছে বহু লোকৰ।