NORTHEAST NOW (Assamese)

পৌৰ নিৰ্বাচনত অন্ধ্ৰত ধূলিস্যাৎ বিজেপি-টিডিপি, ৭৫ খনৰ ৭৩ খনতে বিজয়ী ৱাইএছআৰ কংগ্ৰেছ

March 15, 2021 9:35 am · এন ই নাও নিউজ

দক্ষিণৰ ৰাজ্যসমূহত বিজেপি ক্ৰমাৎ খোপনি হেৰুৱাবলৈ আৰম্ভ কৰিছে। শেহতীয়াকৈ সেই কথাৰ প্ৰমাণ হোৱা গ’ল অন্ধ্ৰ প্ৰদেশত।

অন্ধ্ৰৰ পৌৰ নিৰ্বাচনত কেন্দ্ৰত শাসনাধিষ্ঠিত গেৰুৱা দলটোৱে লাজ লগাকৈ পৰাজয় স্বীকাৰ কৰিবলগীয়া হৈছে।

ৰাজ্য খনৰ ৭৫ খন পৌৰ সভাৰ ভিতৰৰে ৭৩ খনতে বিজয় সাৱস্ত্য কৰিবলৈ সক্ষম হৈছে ৱাইএছআৰ কংগ্ৰেছ।

উচ্চ ন্যালয়ৰ বাধাৰ বাবে ইলুৰু  পৌৰ সভাৰ ভোটগণনা এতিয়ালৈকে হোৱা নাই।

জগন মোহন ৰেড্ডী নেতৃত্বাধীন ৱাইএছআৰ কংগ্ৰেছ দলে পৌৰ নিৰ্বাচনত একাধিপত্য বিস্তাৰ কৰাৰ বিপৰীতে তেলেগু দেশম পাৰ্টীয়ে তাৰিপাত্ৰী আৰু মাইডুকুৰ পৌৰসভাত জয়লাভ কৰিছে।

বিজেপি, চিপিআই আৰু চিপিএমে লাভ কৰিবলৈ সক্ষম হৈছে মাত্ৰ এখনকৈ আসন।

৬৭১ টা ৱাৰ্ডৰ ভিতৰত ৱাইএছআৰ কংগ্ৰেছে লাভ কৰিছে ৪২৫ টা ৱাৰ্ড, তেলেগু দেশমে ৮০ টা,জেএছপিয়ে ৭ টা,চিপিএমে ২টা,চিপিআই আৰু বিজেপিয়ে ১ টাকৈ ৱাৰ্ডত বিজয়ী হৈছে।

উল্লেখ্য দক্ষিণৰ ৰাজ্য অন্ধ্ৰপ্ৰদেশত সৌসিদিনালৈকে টিডিপি ব্যাপক প্ৰভাৱ আছিল যদিও এতিয়া আৰু দলটোৰ সেই প্ৰভাৱ নাই।

একেদৰে বিজেপি দলটোও ৰাজ্য খনত একেবাৰে নিশকতীয়া হৈ পৰা পৰিলক্ষিত হৈছে।

Related News